আন্দোলন নকৰো বুলি শ্ৰমিকে কৰি দিব লাগে স্বাক্ষৰ, পলায়ণ কৰিব ল’গা হ’ল কংগ্ৰেছী ৰাজু চাহু

চাবুৱাঃ ডিব্ৰুগড় জিলাৰ চাবুৱাৰ মাউদ চাহ বাগিছাৰ মজদুৰ ক্লাৱত চাবুৱাৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক তথা অসম চাহ মজদুৰ সংঘৰ নেতা ৰাজু চাহুৱে মঙলবাৰে পূৱাই একাংশ নেতা পালিনেতাক লগত লৈ উপস্থিত হয়৷ তলা বন্ধ মাউদ চাহ বাগিচাৰ তলা খুলি মাথো বাঃ বাঃ লোৱাৰ উদ্দেশ্যে পূৱা ১০ বজাত উপস্থিত হৈ ৰাইজৰ পৰা স্বাক্ষৰ সংগ্ৰহ কৰিব বিচৰাত শ্ৰমিকসকলৰ মাজত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

দেহৰ ঘাম মাটিত পেলাই অৰ্থ উপাৰ্জন কৰি ঘৰ চলোৱা শ্ৰমিকসকলক অন্যায় কৰি বাগিচা কৰ্তৃপক্ষই বাগিচা খনত তলা ওলোমাই থয়৷ যাৰ ফলত দৰিদ্ৰ শ্ৰমিকসকলে হাহাকাৰ কৰিব লগা হয়৷ মাউদ চাহ বাগিচাৰ শ্ৰমিকসকলে যোৱা ১৬ অক্টোবৰত স্থায়ী চিকিৎসক নিযুক্তি দিয়া, প্ৰতিমাহে বিদুৎতৰ নামত ৪০০ টকাকৈ অন্যায়ভাৱে শ্ৰমিকৰ পৰা লোৱা, বাগিচাখনৰ শ্ৰমিকসকলৰ ঘৰত শৌচাগাৰৰ সুবিধা প্ৰদান কৰা, শ্ৰমিকৰ জৰাজীৰ্ণ গৃহ মেৰামতি কৰা, মজুৰি বৃদ্ধি কৰাকে আদি কৰি বহুকেইটা বিষয়ৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰিছিল বাগিচা খনৰ মালিকৰ বিৰুদ্ধে৷

বাগিচা খনত কৰ্মৰত শ্ৰমিকসকলে বিভিন্ন সা-সুবিধা নোপোৱাত ক্ষোভিত হৈ মালিকৰ পৰা সা-সুবিধা বিচাৰি বাগিচা কৰ্তৃপক্ষক আবেদন কৰাৰ পিছতো গুৰুত্ব আৰোপ নকৰাত শ্ৰমিকসকলে প্ৰতিবাদ সাব্যস্ত কৰে৷ এম্বুলেঞ্চ, চিকিৎসক, বিশুদ্ধ পানী, নাৰ্চ, দৰমহা বৃদ্ধি, শুকান খৰি আদি বিচৰাৰ অপৰাধত ১৭ অক্টোবৰৰ পুৱাৰে পৰা বাগিচাখন লক আউট কৰি ফেক্টৰীৰ গেটত তলা লগাই ৰাতিয়েই অন্তধান হয় বাগিছা কৰ্তৃপক্ষ৷ বাগিচা খনত তলা ওলোমাই দিয়াত শ্ৰমিকসকলৰ মাজত হাহাকাৰ এক পৰিবেশৰ সৃষ্টি হয়৷

এদিন হাজিৰা নকৰিলে এসাজ ভাত খাব নোপোৱা শ্ৰমিকসকলে প্ৰশাসনক বাগিচাৰ মালিকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷ শ্ৰমিকসকলে কৰ্মহীন হৈ পৰাৰ আশংকাত পৰিয়াল চলাব নোৱাৰা হৈ পৰাৰ আশংকাত ভূগিছে৷ মাউদ চাহ বাগিছাৰ চাহ শ্ৰমিকে মালিক পক্ষই কৰি অহা শোষণ, বঞ্চনাৰ বিৰুদ্ধে একত্ৰিত হৈ চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি  আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰিছিল।

প্ৰতিবাদী কাৰ্যসূচীত চাবুৱাৰ ৰাজহ চক্ৰ বিষয়া উপস্থিতি হৈ শ্ৰমিকৰ সমস্যা সন্দৰ্ভত ২৪ অক্টোবৰত আলোচনাৰ দিন সিদ্ধান্ত গ্ৰহণ কৰিছিল। বাগিচাৰ শ্ৰমিকসকলৰ এটা দাবী প্ৰথম অৱস্থাত বাগিচা কৰ্তৃপক্ষই মানি লোৱা নাছিল যদিও পৰৱৰ্তী সময়ত শ্ৰমিকৰ প্ৰতিবাদত সেও মানি লিখিত প্ৰতিশ্ৰুতি দিবলৈ বাধ্য হৈছিল। প্ৰতিবাদস্থলিত শ্ৰমিকসকলে দীপাৱলী উপলক্ষে শনিবাৰৰ বদলি বৃহস্পতিবাৰে দৰমহা বিছাৰিছিল যদিও বাগিচা কৰ্তৃপক্ষই দৰমহা দিম বুলি ৰাইজক লিখিত প্ৰতিশ্ৰুতি দিয়ে ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত।

কিন্তু প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই নিশাৰ ভিতৰতে পলায়ণ কৰে বাগিচা কৰ্তৃপক্ষ৷ যাৰ ফলত বাগিছাৰ শ্ৰমিকসকলে নিজৰ সন্তানক দেৱালিৰ ফটকাৰ লগতে চাঁকি জ্বলাব নোৱাৰিলে৷ দৰমহা নোপোৱাৰ ফলত অসুবিধাত পৰিছে তেওলোকে। তাৰ পিছতেই বাগিচাৰ শ্ৰমিকসকলে ২৩ অক্টোবৰত ডিব্ৰুগড় জিলাৰ সদৰত উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচীও পালন কৰে।

মঙলবাৰে মাউদ চাহ বাগিচাত চাবুৱা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম চাহ মজদুৰ সংঘৰ পানীতোলা শাখাৰ সম্পাদক ৰাজু চাহুৱে লগত চাহ মজদুৰ সংঘৰ নেতা-পালিনেতাক লৈ বাগিচাখনত ১০ বজাত উপস্থিত হৈ বাগিচাখনৰ ৰাইজক একগোট কৰে মজদুৰ ক্লাৱত এখন সভা অনুষ্ঠিত কৰে। বিধায়কজনে বাগানখন যেনে তেনে খুলিব লাগিব বুলি কয়। সমস্যা বহুত আছে যদিও সমস্যাৰ কথা কওঁ তেন্তে যিটো উদ্দেশ্যৰ কাৰণে আহিছো সেইটো উদ্দেশ্য সফল নহ'ব বুলি কয় চাহুৱে।

আপোনালোকৰ সমস্যাসমূহ এনেদৰে আন্দোলন নতুবা প্ৰতিবাদ কৰিলে সফল ন'হব। সফল তেতিয়াহে হ'ব যেতিয়া বাগানখন খুলিব। নিজকে চাহ শ্ৰমিকৰ ৰক্ষক বুলি জাহিৰ কৰিবলৈ গৈ বাগান বন্ধ হৈ থাকিলে শ্ৰমিকসকলে কেনেকৈ খাব বুলি প্ৰশ্ন কৰে। বাগানৰ মেনেজাৰ জন বহুত ধনী মানুহ। গোটেই তিনিচুকীয়াখনৰেই মালিক। বাগান ৬ মাহ বন্ধ কৰি ৰাখিলেও মালিকৰ একো লোকচান নহয়।

লোকচান হ'ব আমাৰ, সেইকাৰণে এই বাগানখন যেনে তেনে খুলিব লাগে। বাকি সমস্যাসমূহৰ কথা আমি পৰৱৰ্তী সময়তো পাতিব পাৰিম। প্ৰাক্তন বিধায়কজনে লগতে বাগানৰ বিষয়ে জনা মানুহ বহুত কম আছে বুলি কয়। বাগানসমূহ বহু লোকচানত চলি আছে বুলি ব্যাখ্যা কৰি প্ৰাক্তন বিধায়কগৰাকীয়ে আমি বাগানখন আজিয়েই খুলি দিয়াৰ ব্যৱস্থা কৰিম। কিন্তু আপোনালোকে আৰু বাগান কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব নকৰো বুলি চুক্তি কৰিব লাগিব।

এনেদৰে ভাষণ দি থকাৰ সময়ত প্ৰথম অৱস্থাত ৰাইজে একো মাত মতা নাছিল যদিও প্ৰাক্তন বিধায়কগৰাকীয়ে এই কথাষাৰ কোৱাৰ পিছতেই সভাস্থলিত এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয়। শ্ৰমিকসকলে প্ৰাক্তন বিধায়কজনক মালিকৰ দালালি কৰিব আহিছ, ১৫ বছৰে চাহ শ্ৰমিক কি সমস্যা সমাধান কৰিলি বুলি বিভিন্ন ধৰণৰ প্ৰশ্ন কৰে শ্ৰমিকসকলে। শ্ৰমিকৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি পৰৱৰ্তী সময়ত মুখেৰে মাত নোলোৱা হ'ল ৰাজু চাহুৰ। নিজকে শ্ৰমিকৰ অভিভাৱক বুলি জাহিৰ কৰিব বিচৰা প্ৰাক্তন বিধায়কজনে পৰৱৰ্তী সময়ত চাহ শ্ৰমিকসকল উত্তেজিত হৈ পৰাত পৰিস্থিতি অধিক বেয়াৰ পিনে ঢাল খোৱাত সভাস্থলিৰ পৰা উঠি একপ্ৰকাৰ পলায়ণ কৰে।

প্ৰাক্তন বিধায়ক তথা চাহ মজদুৰ সংঘৰ পানীতোলা শাখাৰ সম্পাদক ৰাজু চাহুৰ এই কৰ্মকাণ্ডক আটছাৰ চাবুৱা আঞ্চলিক সমিতিৰ উপদেষ্টা অনিল মুণ্ডাই মালিকৰ ভৰিত ধৰি ক্ষমা খুজি বাগান খোলাৰ পিছত বাগান কৰ্তৃপক্ষৰ বিৰুদ্ধে চাহ মজদুৰ সংঘৰ বাহিৰে অন্য কোনো দল-সংগঠন নতুবা শ্ৰমিকসকলেও প্ৰতিবাদ কৰিব নোৱাৰিব বুলি ৰাইজৰ পৰা লিখিত প্ৰতিশ্ৰুতি লবলৈ ৰাজু চাহু কোন বুলি প্ৰশ্ন কৰে। শ্ৰমিকৰ পৰা বৰঙণী লৈ মালিকৰ হৈ কাম কৰা অসম চাহ মজদুৰ সংঘই শ্ৰমিকৰ হৈ মাত মাতক বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংগঠনটোৰ নেতাজনে৷

আগন্তুক দিনত এনেকুৱা শ্ৰমিক বিৰোধী মন্তব্য দিয়াৰ পৰা বিৰত থাকিবলৈ প্ৰাক্তন বিধায়কজনক সকীয়াই দিয়ে। চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদক বিজয় বাউৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি যোৱা ১৫ টা বছৰে নিজকে চাহ শ্ৰমিকৰ অভিভাৱক বুলি জাহিৰ কৰি চাহ শ্ৰমিকৰ সমস্যা সমধান কৰিব নোৱাৰা ৰাজু চাহুৱে মালিকৰ পৰা কমিচন লৈ আহিছে বুলি কয়। মালিকৰ গুণ গাই শ্ৰমিকক শোষণ কৰি অহা এনে নেতাৰ বাবেই আজি শ্ৰমিকসকলৰ অৱস্থা এনে হোৱা বুলি কয়৷