
শোণিতপুৰঃ ৰাজ্যত আজিও অব্যাহত আছে হাতী-মানুহৰ সংঘাট৷ খাদ্যৰ খাদ্যনত পাহাৰৰ পৰা নামি অহা হাতীৰ জাকে প্ৰতিদিনে ৰাজ্যত কোনোবা নহয় কোনোবা ঠাইত আক্ৰমণ সংঘটিত কৰি মানুহৰ জীৱন সম্পত্তি বিনষ্ট কৰি আহিছে৷ তাৰ মাজত শোণিতপুৰ জিলাত হাতীৰ আক্ৰমণত এগৰাকী ছাত্ৰীৰ মৃত্যু হোৱাত তীব্ৰ চাঞ্চল সৃষ্টি কৰিছে জিলা খনত৷
শোনিতপুৰ জিলাৰ ৰঙাপৰাৰ চেঁচা চাহ বাগিছাত বনৰীয়া হাতীৰ আক্ৰমণত ছাত্ৰীগৰাকীৰ থিতাতে মৃত্যু হয়। ঘটনাৰ বিৱৰণী অনুসৰি সন্ধিয়া প্ৰায় ৫-৩০ মান বজাত চেঁচা চাহ বাগিচাৰ ডিপোটা লাইনৰ আঞ্জুলোচ কেৰকেটাৰ চতুৰ্থ কন্যা তথা ৰঙাপৰা মহাবিদ্যালয়ৰ ছাত্ৰী ববিতা কেৰকেটাই (২৫) তিনিজন সমনীয়াৰ সৈতে দুখন মটৰ চাইকেলেৰে ঘোঁৰামাৰী দিশৰ পৰা গৃহ অভিমুখে আহি আছিল।
তেনে সময়তে চেঁচা চাহ বাগিচাৰ নাৰ্চাৰীৰ সমীপত এজাক বনৰীয়া হাতী প্ৰত্যক্ষ কৰি মটৰ চাইকেলখনৰ পৰা হঠাত নামি যায় ববিতা। তেনে সময়তে জাকৰ মাজৰ পৰা ফালৰি কাটি অহা এটা দস্যু বনৰীয়া হাতীয়ে ছাত্ৰী গৰাকীক আক্ৰমণ কৰে। বনৰীয়া হাতীৰ ভয়ত যুবক তিনিজনে কথমপি নিজৰ প্ৰাণ ৰক্ষা কৰে যদিও ছাত্ৰী গৰাকীক বনৰীয়া হাতীৰ সন্মুখৰ পৰা বচাই আনিবলৈ সক্ষম নহ’ল।
কিছু সময়ৰ পাছত হাতীৰ জাকটো উক্ত স্থানৰ পৰা আঁতৰি যোৱাৰ পাছত পথৰ ওপৰতে পৰি থকা যুবতীগৰাকীক লগে লগে চিকিৎসাৰ বাবে চাহ বাগিচাৰখনৰে চিকিৎসালয়ত ভৰ্তি কৰাই যদিও চিকিৎসকে মৃত ঘোষণা কৰে। জানিব পৰা মতে, তিনিজন বন্ধুৰ সৈতে এন জিঅ'ৰ কাম সমাপ্ত কৰি ঘোঁৰামাৰী দিশৰ পৰা আহি আছিল।
ইপিনে ঘটনাৰ খবৰ পাই শালনীবাৰী আৰক্ষী চকীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয় আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে। উল্লেখ্য যে ৰঙাপৰা উক্ত চাহ বাগিচাখনত দীৰ্ঘদিনৰে পৰা বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত আছে। ছাত্ৰী গৰাকীৰ অকাল মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে।