কবি, সাংস্কৃতিক কৰ্মী পৰশ জ্যোতি দাসক ডঃ বি আৰ আম্বেদকাৰ বঁটা, দিল্লীত গ্ৰহণ কৰিব বঁটা

দিচাংমুখ/শিৱসাগৰঃ কবি, সাহিত্যিক পৰশ জ্যোতি দাসক প্ৰদান কৰা হ’ব বিআৰ আম্বেদকাৰ বঁটা৷ ভাৰতীয় দলিত সাহিত্য অকাডেমীয়ে ডঃ আম্বেদকাৰ নেশ্যনেল ফেলশ্বিপে এই বঁটা প্ৰদান কৰিব দাসক৷ অহা ৯ আৰু ১০ ডিচেম্বৰত দিল্লীত অনুষ্ঠিত হ'বলগীয়া ডঃ আম্বেদকাৰ নেশ্যনেল ফেলশ্বিপৰ ৩৩ সংখ্যক অধিবেশনত বঁটা প্ৰদান কৰিৰ অনুষ্ঠানটোৱে। এই খবৰে শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই আনে৷

শিৱসাগৰ জিলাৰ ২ নং চাউলকৰা গাঁৱৰ (আখৈফুটীয়া) কাশীৰাম দাস আৰু নিৰু দাসৰ কনিষ্ঠ পুত্ৰ পৰশ জ্যোতি দাস একেৰাহে কবি, সাহিত্যিক, সামাজসেৱক, সাংস্কৃতিক কৰ্মী৷ এগৰাকী অধিবক্তা পৰশ জ্যোতি দাস ওকালতি কৰাৰ লগে লগে সমাজ খনৰ বাবে কিবা এটা কৰাৰ প্ৰবল ইচ্ছা পুহি ৰাখিছে৷

তেওৰ বিভিন্ন কাকত আলোচনীত কবিতা, গল্প আৰু বিভিন্ন প্ৰবন্ধ তথা সমালোচনাত্মাক লিখনী প্ৰকাশ পোৱাৰ লগতে ২০১২ চনত ‘তোমাৰ উপযোগী হ'বলৈ কিহৰ প্ৰয়োজন মোক’ ২০‍১৬ চনত ‘এদিন বৰ অহংকাৰী হ'ম মই’ নামৰ দুখন কবিতা পুথি প্ৰকাশ পায়৷ স্পন্দন, স্বাধীনতা তাকো লাগে, শেষ নিশা, সময়ৰ বাব, এটি বিষন্ন হাহিঁ, হেপ্পী নিউ ইয়েৰ, দেট ইজ অ'লছ' ইম্পৰটেন্ট মেটাৰ আদি গল্পই সমাদৰ লাভ কৰে৷ "বহ বহ বহ" শীৰ্ষক এটি ৰহস্য গল্পও লিখিও সমাদৰ লাভ কৰে৷

নাটক পৰিচালক হিচাপে কাম কৰে তেও৷ ঘৰ সংসাৰ, বান্দৰবাৰী প্ৰথমিক চিকিৎসা কেন্দ্ৰ, ঘটিতু ক'ত গ'ল, পৰিবৰ্তন, আমাৰ নাটক আদি একাংকিকা নাট লিখি সামাজিক বাৰ্তা দিবলৈ সক্ষম হয়৷ স্কুলীয়া জীৱনৰ পৰাই সাহিত্য চৰ্চা কৰি আহিছে তেও৷ নাট পৰিচালনা কৰাৰ সমানে সমানে অভিনয় কৰাও দেখা যায়৷ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে৷ পৰশ জ্যোতি দাসৰ সফলতাত পৰিয়াল , আখৈফুটিয়াৰ ৰাইজ, উদীয়মান সাংস্কৃতিক গোষ্ঠী, অনুসূচিত জাতি ছাত্ৰ সন্থাই শুভেচ্ছা জ্ঞাপন কৰে।