এচ আৰ চি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শৈক্ষিক আলোচনা সভা

লাহোৱালঃ মদাৰখাতৰ এচ আৰ চি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মঙলবাৰে এখন শৈক্ষিক আলোচনা সভা অনুষ্ঠিত হয়৷ ২০১৮ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত তথা ফলাফল উত্তৰণৰ সম্পৰ্কত আলোচনা কৰাৰ উদ্দেশ্যে সভা খন অনুষ্ঠিত হয়।

বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বিনোদ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাত শিক্ষক, ছাত্ৰ, অভিভাৱক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ লোকসকল উপস্থিত থাকে।

বিদ্যালয়খনৰ অধ‍্যক্ষা শিক্ষক-শিক্ষয়িত্ৰীসকলে সভাত দশম শ্ৰেণীৰ ইতিমধ্যে হৈ যোৱা প্ৰাক-বাচনি পৰীক্ষাৰ ফলাফলৰ ওপৰত ভিত্তি কৰি আগন্তুক চুড়ান্ত পৰীক্ষাত অনুত্তীৰ্ণ সংখ্যা কেনেকৈ নোহোৱা কৰিব পৰা যায় তাক আলোচনা কৰা হয়। শিক্ষক সকলে পৰীক্ষাৰ ১০ দিনৰ আগলৈকে ছাত্ৰ-ছাত্ৰীক পাঠদান কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে৷ বিদ্যালয়ৰ অধ‍্যক্ষা মৰ্জিনা গগৈয়ে অভিভাৱকৰ আশাপ্ৰদ উপস্থিতিত সন্তোষ প্ৰকাশ কৰে৷