
শিমলুগুৰিঃ ৰাজ্যৰ শিক্ষা বিভাগটোৱে গুণোৎসৱ পালন কৰি সৰ্বশিক্ষা মিছনৰ কোটি কোটি টকা খৰচ কৰি পৰিৱৰ্তনৰ ঢাক ঢোল বজাই আহিছে৷ কিন্তু বিভাগটোৰ একাংশ শিক্ষক-কৰ্মচাৰীয়ে বিনা-বেতনে গুণোৎসৱকে ধৰি কেতবোৰ চৰকাৰী নিৰ্দেশনা পালন কৰি যাবলৈ বাধ্য হৈছে৷
এই মন্তব্য সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাৰ৷ মঙলবাৰে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰি এক বিবৃতি যোগে বিত্ত বিভাগে সপ্তম দৰমহা আয়োগত শিক্ষকৰ দৰমহা পুনৰ গাঁঠনি অনুসৰি প্ৰাথমিক পৰ্যায়ৰ সকলো স্নাতক প্ৰশিক্ষন প্ৰাপ্ত শিক্ষকে গ্ৰেজুৱেট স্কেল পাব বুলি ইংগিত দিছিল যদিও কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰা ROP (Revision Of Pay)ৰ সকলো নীতি নিৰ্দেশনাক জলাঞ্জলি দি শিক্ষকসকলক বিত্ত বিভাগে বিশ্বাসঘাটকতা কৰে বুলি গুৰুতৰ অভিযোগ কৰে শিক্ষক সংগঠনটোৱে৷
সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক নিৰ্ম্মল কুমাৰ গোৱালা আৰু সাংগঠনিক সম্পাদক কমল চন্দ্ৰ ৰায়ে বিবৃতি আৰু কয় "সংশোধনী হাৰত অৰ্থাৎ ৮৭০০ মাহিলী ভাট্টা পাই থকা অৱস্থাত হঠাত বিত্ত বিভাগে দৰমহা সংশোধন সমিতিৰ প্ৰতিবেদনৰ অজুহাত দেখুৱাই দৰমহা সম্পুৰ্ণৰূপে বন্ধ কৰি দিয়ে৷ আনকি উত্তৰ লক্ষীমপুৰকে ধৰি ভালেকেইখন জিলাত ROP মতে লাভ কৰা অতিৰিক্ত দৰমহাৰ ধনৰাশি ঘুৰাই দিবলৈও জিলা শিক্ষাবিষয়াই নিৰ্দেশনা জাৰি কৰিছে৷
ইমানত বিভাগটোৱে ক্ষান্ত নাথাকি আনকেইখনমান জিলাতো মধ্যৱৰ্তী (Intermediate) হাৰত দৰমহা লবলৈ শিক্ষকসকলক চুক্তিনামাত বল প্ৰয়োগ কৰি স্বাক্ষৰ লোৱাৰ চেষ্টা কৰে৷ দূৰ-দূৰণিত নিযুক্তি প্ৰাপ্ত টেট শিক্ষকসকলে ভাড়াঘৰৰ টকা, দোকানৰ বাকী আদি দিব নোৱাৰি পেটৰ তাড়নাতে বহুতে চুক্তি পত্ৰত স্বাক্ষৰ কৰিবলৈ বাধ্য হৈছে"৷ সংগঠনটোৱে এনে বিশৃংখল পৰিস্থিতিৰ অৱসান ঘটাবলৈ অসম চৰকাৰৰ বিত্ত আৰু শিক্ষা বিভাগতক ৩০ অক্টোবৰলৈ অন্তিম সময়সীমা বান্ধি দিয়ে৷ অন্যথাই জংগী আন্দোলনৰ কৰাৰ হুংকাৰ দিয়ে সংগঠনটোৱে৷