
ডিজিটেল ডেস্কঃ তথ্য আৰু প্ৰযুক্তি বিদ্যাৰ যুগত মানুহে এখন ৰুটি খাবলৈ আটা নাপালেও প্ৰয়োজন কিন্তু ডাটাৰ৷ কিয়নো সকলোৱে এতিয়া ইন্টাৰনেটৰ পৃথিৱীত ব্যস্ত৷ ছচিয়েল মিডিয়াৰ পৰা আৰম্ভ কৰি বাতৰি চোৱালৈকে সকলো এতিয়া ইন্টাৰনেটৰ পৃথিৱীত ব্যস্ত৷ তাৰ মাজতে ভাৰতবৰ্ষৰ ইন্টাৰনেট ব্যৱহাৰকাৰীসকলৰ বাবে সুখবৰ৷ কেন্দ্ৰীয় চৰকাৰে ইন্টাৰনেটৰ গতি দ্ৰুত কৰাৰ বাব চিন্তা চৰ্চা কৰিছে৷
সৰ্বনিম্ন-বাধ্যতামুলক ইন্টাৰনেটৰ গতি ৫১২ কেবিপিএচৰ পৰা ২ এমবিপিএচ কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে৷ টেলিকম সচিব অৰুণা সুন্দৰা ৰাজনে দেশৰ বিভিন্ন প্ৰান্তত থকা ইন্টাৰনেট গ্ৰাহকৰ সমস্যা সমূহ দুৰ কৰাৰ বাবে কম গতিৰ ইন্টাৰনেটক দ্ৰুত কৰাৰ সিদ্ধান্ত গ্ৰহন কৰা বুলি কয়৷ ৩জি আৰু ৪জি পৰিসেৱাৰ টেলিকম সংস্থাসমুহে ইন্টাৰনেট গতিৰ ক্ষেত্ৰত বিজ্ঞাপন যি প্ৰচাৰ কৰে মূলত বাস্তৱত সেয়া নহয়গৈ৷ আগন্তুক দিনত যেতিয়া ৫জি সেৱা আৰম্ভ হ’ব তেতিয়া এই সমস্যা আৰু জটিল হৈ পৰিব৷
টাইমছ অৱ ইণ্ডিয়াক দিয়া এক সাক্ষাৎকাৰত অৰুণা সুন্দৰাৰাজনে নিজৰ মোবাইলৰ ইন্টাৰনেটৰ সেৱা একেবাৰে দুৰ্বল বুলি কৈ আন মানুহৰো ইন্টাৰনেটৰ গতি বেয়া বুলি কয়৷ তেওঁ এতিয়ালৈ বহু বিকল্প কাম কৰিলে কিন্তু সেৱা উন্নতিৰ ক্ষেত্ৰত কোনো ধৰণৰ সফল নহ’ল৷ যি ধৰণৰ গতিৰ প্ৰয়োজন আছিল সকলো ঠাইতে একে সমানে দ্ৰুত গতি দিব পৰা নাই৷ উল্লেখযোগ্য যে বৰ্তমান ভাৰতবৰ্ষ ডিজিটেল ইণ্ডিয়াৰ দিশে আগবাঢ়িছে, সকলো ক্ষেত্ৰতে ডিজিটেল লেনদেন আৰম্ভ হৈছে৷ কিন্তু ইন্টাৰনট সেৱাৰ গতি হে কম৷