লংকাত ককায়েকৰ বিৰুদ্ধে ভগ্নীক ধৰ্ষণ কৰাৰ অভিযোগ

The Daily Star
The Daily Star

লংকাঃ নাৰী কতো সুৰক্ষিত নহয়৷ ঘৰৰ পৰা ওলাই গলে নাৰী সুৰক্ষিত নহয় বুলি কোৱা হয় যদিও নিজ ঘৰতো যে নাৰী সুৰক্ষিত নহয় সেই কথা পুনৰ প্ৰমাণ কৰিলে হোজাই জিলাৰ লংকাৰ এটি লজ্জাজনক ঘটনাই৷ মঙলবাৰে নিশাই হোজাই জিলাৰ লংকাত এগৰাকী যুৱতীক একেটা পৰিয়ালৰে যুৱকে নিজ ঘৰৰ চোতালৰ পৰা অপৰহণ কৰি নি ধৰ্ষণ কৰাৰ ঘটনাই প্ৰমাণ কৰিছে নাৰী নিজ ঘৰতো সুৰক্ষিত নহয়৷

ৰাজ্যৰ ভিন্ন প্ৰান্তত নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈ থকাৰ সময়তে হোজাই জিলাৰ লংকাত মঙলবাৰৰ নিশা সংঘটিত হয় এই ঘটনা৷ সভ্য সমাজক লজ্জানত কৰা ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে যুৱতীগৰাকীৰ বৰদেউতাকৰ লৰা অৰ্থাৎ ককায়েকৰ বিৰুদ্ধে৷ জানিব পৰা মতে, নিশা ঘৰৰ চোতালৰ বহি আছিল যুৱতীগৰাকী৷

বৰদেউতাকৰ ককায়েক লম্পট মহেন্দ্ৰৰ চৌহানে যুৱতীগৰাকীক অপহৰণ কৰে৷ পৰিয়ালৰ অভিযোগ মতে যুৱতীগৰাকীক ঘৰৰ পৰা উঠাই লৈ যায় মহেন্দ্ৰৰ চৌহানে৷ তাৰ পিছত জনশূন্য ঠাইত যুৱতীগৰাকীক নএৰি থৈ মহেন্দ্ৰৰে পলায়ণ কৰে৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত মহেন্দ্ৰৰৰ বিৰুদ্ধে লংকা থানাত এজাহাৰ দাখিল কৰে পৰিয়ালে। পলাতক মহেন্দ্ৰৰ চৌহানক আটক কৰিবলৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে৷