চৰাইদেউত চাহ-শ্ৰমিকৰ প্ৰতিবাদ, আমাক খাবলৈ দিয়ক

চৰাইদেউঃ তেওলোকৰ সন্তানৰ কান্দোন শুনিব কোনো৷ তেওলোকে এদিন কাম নকৰিলে এখাজ ভাতৰ বাবে হাহাকাৰ কৰিব লগা হয়৷ মালিকৰ বঞ্চনাৰ বিৰুদ্ধে নিজৰ প্ৰাপ্যৰ বাবে তেওলোকে প্ৰতিবাদ কৰিব লগা হ’য়৷ তেওলোক দৰিদ্ৰ শ্ৰমিক৷ তেওলোকক ন্যায় দিব কোনো৷ একাংশ লোক ৰঙত বিভোৰ হৈ থকাৰ বিপৰীতে আন একাংশ লোকে মুখ শুকাই থাকিব লগা হয়৷

এখাজ ভাত, এটুপি বিশুদ্ধ পানীৰ বাবে ককবকাব লগা হয়৷ শ্ৰমিক তথা দৰিদ্ৰ হোৱাটোৱে কিমান বিৰম্বনা তেওলোকে হে জানে৷ তেওলোকক ন্যায় দিয়াৰ পৰিৱৰ্তে প্ৰশাসনে দেশদ্ৰোহী সজাব বিছাৰে৷ শ্ৰমিকৰ কথা শুনিবলৈ নাথাকে কোনো লোক৷ সন্তানে লঘোণত কন্দা কটা কৰিব লগা হয়৷ যদিও চাওতা কোনো নাই৷ ৰ'দ, বৰষুণ একাকাৰ কৰি শ্ৰম কৰা লোকসকলৰ ন্যায়ৰ হকে যুজ দিবলৈ একাংশ লোক ওলাই আহে যদিও সেয়াও স্বাৰ্থত৷

তাৰ মাজতে দৰিদ্ৰ চাহ শ্ৰমিকৰ প্ৰতিবাদত উত্তাল হ’ল চৰাইদৈউ৷ শ শ পুৰষ-মহিলাই পেটত ভোক লৈ ওলাই আহিল প্ৰতিবাদ কৰিবলৈ৷ চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ নগৰস্থিত চৰাইদেউ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত কেইবাশতাধিক শ্ৰমিকে বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ চাৰি মাহ ধৰি বাগিচা কৰ্তৃপক্ষই দৰমহা, ৰেচন প্ৰদান নকৰাত ক্ষোভিত হৈ পৰে সোণাৰিৰ ভাস্কৰ টি কোম্পানীৰ টিঙালীবাম চাহ বাগিচাৰ শ্ৰমিক৷

টিঙালীবামৰ পৰা ২৫ কিঃমিঃ খোজ কাঢ়ি আহি ঘেৰাও কৰিলে চৰাইদেউ জিলা উপায়ুক্তৰ কাৰ্যালয়৷ আনহাতে বাগিচাৰ পৰিচালক, সহঃ পৰিচালক আদিয়ে পলায়ণ কৰাত এক অৰাজক পৰিস্থিতিৰ সৃষ্টি হয় বাগিচাৰ খনৰ শ্ৰমিকসকলৰ৷ ভুক্তভোগী শ্ৰমিকসকলে চৰাইদেউ জিলা প্ৰশাসনক মালিকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে৷ বিভিন্ন শ্ল’গানেৰে উপায়ুক্তৰ চৌহদ উত্তাল কৰি আহ্বান জনাই আমাক খাবলৈ দিয়ক আমাৰ সন্তানক ৰক্ষা কৰক৷