বিএছইউ শূন্য, এবছুৰ দখলত গোৰেশ্বৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা

গোৰেশ্বৰঃ বিটিএডিৰ শাসকীয় দলৰ বিপিএফৰ ভাতৃ সংগঠন বিএছইউক ধৰাশয়ী কৰি এবছুৱে দখল কৰে গোৰেষ্বৰ মহাবিদ্যালয়৷ বিপিএফৰ বাক্সা জিলাৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান গোৰেশ্বৰ মহাবিদ্যলয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে বৃহৎ জয় সাব্যস্ত কৰিছে। ২৪ অক্টোবৰত মহাবিদ্যালয়খনত নিৰ্বাচনত অনুষ্ঠিত হৈ যোৱাৰ পিছত বুধবাৰে ভোট গনণা কৰা হয়৷ বিয়লি ফলাফল ঘোষণা কৰে মহাবিদ্যালয় কৰ্তৃপক্ষই।

ঘোষণা কৰা ফলাফল  অনুযায়ী উপ-সভাপতি পদত বুদ্ধ বড়ো,  সাধাৰণ সম্পাদক পদত ৰুণিত বড়ো, সহকাৰী সাধাৰণ সম্পাদকত হাইনা বড়ো, আলোচনীত সঞ্জিত বড়ো, সাংস্কৃতিকত পংকজ বড়ো, সমাজ সেৱাত সুৰজ ৰইনাল, গুৰু খেলত হিম্মত বড়ো, লঘু খেলত স্বৰজিলা বড়ো, তৰ্ক আৰু আলোচনাত অমৰ বড়ো, শৰীৰ চৰ্চাত খনিন ডেকা, ছাত্ৰ জিৰণী কোঠাত জীতেন বড়ো আৰু ছাত্ৰী জিৰণী কোঠাত জুলি বড়ো।

উল্লেখ্য যে মুঠ ১২ পদৰ এঘাৰটা পদতে এবছু সমৰ্থিত প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰাৰ বিপৰীতে আছু আৰু শৰণীয়া কচাৰী ছাত্ৰ সন্থাৰ সমৰ্থিত প্ৰাৰ্থী খনিন ডেকাই শৰীৰ চৰ্চা পদত বিজয়ী হয়। মনকৰিবলগীয়া যে বিগত প্ৰায় দহ-বাৰ বছৰ ধৰি গোৰেশ্বৰ মহাবিদ্যালয় ছাত্ৰ একতা সভাখন এবছুয়ে দখল কৰি আহিছে। এইবেলি এবছুৱে গোৰ্খা ছাত্ৰ সন্থাৰ সৈতে মিত্ৰতাৰে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। ইপিনে হতাশাজনক ভাৱে ভাৰতৰ ছাত্ৰ ফেডাৰেচন চমুকৈ এছ এফ আই, বড়োলেণ্ড ছাত্ৰ সন্থা চমুকৈ বি এছ ইউ আৰু বেংগলী যুৱ ছাত্র ফেডাৰেছনে এটাও পদ দখল কৰিব নোৱাৰিলে।