শুই আছে নগাঁও প্ৰশাসন, শিক্ষানুষ্ঠান-মন্দিৰৰ সমীপত অবৈধ সুৰাৰ বেহা

Steemit
Steemit

নগাঁওঃ অবৈধ সুৰাই চানি ধৰিছে নগাঁও জিলা৷ শিক্ষানুষ্ঠান-ধৰ্মীয়নুষ্ঠানৰ সন্মুখতে সুৰাৰ ব্যৱসায় চৰি থকাৰ অভিযোগ উত্থাপন হৈ অহাৰ পিছতো প্ৰশাসনে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হয়৷ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত আবকাৰী আৰু আৰক্ষীৰ ৰহস্যজনক নীৰৱ ভূমিকাৰ পৰিপ্ৰেক্ষিতত অবাধে অব্যাহত আছে অবৈধ সুৰাৰ ৰমৰমীয়া বেহা ৷

আনকি  জিলাখনৰ একাংশ গ্ৰামাঞ্চলত আশ্চৰ্যজনকভাবে শিক্ষানুষ্ঠান আৰু মন্দিৰ-নামঘৰ আদিৰ চৌহদৰ কাষতে ব্যাপক হাৰত অবৈধ সুৰাৰ অবাধ বেহা চলি থকাৰ গুৰুত্বৰ অভিযোগ উঠিছে ৷অভিযোগ মতে,এই গ্ৰামাঞ্চলবোৰত এচাম অসাধু ব্যক্তিয়ে সম্পূৰ্ণ মুকলিভাবেই দীৰ্ঘদিনৰে পৰা শিক্ষানুষ্ঠান আৰু মন্দিৰ-নামঘৰ আদিৰ কাষতেই ঘাটি পাতি চুলাই আৰু বিলাতী সুৰাৰ অবৈধ ব্যৱসায় নিৰ্ভয়ে চলাই আহিছে ৷

এই মদৰ ঘাটিত নিশাৰ কথাটো বাদেই দিনৰ ভাগতো বহু সুৰাসেৱীয়ে সুৰাপাণ কৰা দেখিবলৈ পোৱা ৷ফলত শিক্ষানুষ্ঠান আৰু মন্দিৰ-নামঘৰৰ পৰা মাত্ৰ কেইগজমান দুৰত্বতে থকা উক্ত ঘাটিত সুৰাৰ অবাধ প্ৰচলনে গ্ৰামাঞ্চলবোৰৰ সামাজিক বাতাবৰণ কলুষিত কৰাৰ বিপৰীতে শিক্ষানুষ্ঠানৰ শৈক্ষিক পৰিবেশত বিৰূপ প্ৰভাব পেলাইছে ৷

ঘাইকৈ নিশা দুপৰলৈকে একাংশ লোকে মদ্যপান কৰি প্ৰায়েই অশ্লীল ভাষাৰে চিঞৰ-বাখৰ তথা উদ্ভণ্ডালি কৰি অহাত চৰম উদ্বিগ্নতা প্ৰকাশ কৰিছে সচেতন লোকসকলে ৷তথাপিও আৰক্ষী আৰু আবকাৰীৰ চকুৰ সন্মুখতে এনেদৰে চুলাই আৰু বিলাতী সুৰাৰ মুকলি বেহা চলি থাকিলেও আৰক্ষী আৰু আবকাৰী বাহিনীয়ে ৰহস্যজনকভাবে কোনো ব্যৱস্থা গ্ৰহন নকৰি চকু মুদা কুলিৰ ভাওহে জুৰি আহিছে ৷

অভিযোগ মতে, এই অবৈধ সুৰাৰ বেহা চলাই থকা লোকসকলৰ পৰা মাহেকীয়া হিচাপত কমিচন আদায় কৰি আৰক্ষী আৰু আবকাৰী বিভাগে এনে ব্যৱসায় নিৰ্বিঘ্নে চলাই থকাৰ গ্ৰীণ চিগনেল প্ৰদান কৰি আহিছে ৷আনকি জিলাখনৰ পশ্চিম প্ৰান্তৰ বেবেজীয়াৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে বেবেজীয়া জুনিয়ৰ কলেজৰ সন্মুখতে বহু বছৰ ধৰি চলি আছে এখন অনুজ্ঞাপত্ৰ থকা বিলাতী সুৰাৰ দোকান ৷

প্ৰক গতিকে এনেদৰে মুকলিভাবেই শিক্ষানুষ্ঠান আৰু মন্দিৰ-নামঘৰ আদিৰ কাষতে অব্যাহত থকা সুৰাৰ বেহা ৰুধ কৰাৰ ক্ষেত্ৰত জিলা উপায়ুক্তৰ হস্তক্ষেপৰ দাবী জনাইছে নগঞা সচেতন ব্যক্তিসকলে৷