গুটখা, জৰ্দা, মদ, লালিগুৰৰ প্ৰচলন বন্ধ কৰাৰ দাবী সংগ্ৰামী যুৱ-ছাত্ৰৰ

শিমলুগুৰিঃ  শিৱসাগৰৰ শিমলুগুৰিত গুটখা, জৰ্দা, সুৰা, লালিগুৰৰ প্ৰচলন বন্ধ কৰাৰ দাবীত বুধবাৰে স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ৷ সংগঠনটোৰ শিমলুগুৰি আঞ্চলিক সমিতিয়ে প্ৰশাসনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি যুৱ প্ৰদন্মক ধ্বংস কৰা গুটখা, জৰ্দা, সুৰা, লালিগুৰৰ প্ৰচলন শীঘ্ৰে বন্ধ কৰাৰ দাবী জনায়৷

বুধবাৰে নাজিৰা মহকুমাধিপতিক স্মাৰক পত্ৰ প্ৰদান কৰি এই দাবী জনায়৷ অন্যথাই পৰিষদে শিক্ষাৰ্থীৰ ভৱিষ্যতৰ স্বাৰ্থত আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে৷ সংগঠনটোৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ সভাপতি বাবলু আলী আৰু সাধাৰণ সম্পাদক প্ৰণৱ সন্দিকৈয়ে স্মাৰক পত্ৰ প্ৰদান কৰি শিমলুগুৰি নগৰত বহুলোকে ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰি আহিছে বুলি কয়।

ৰহস্যজনকভাৱে কোনো অজ্ঞাত কাৰণত প্ৰশাসনৰ দুৰ্বলতাৰ সুযোগ লৈ নগৰখনৰ কিছু ব্যৱসায়ীয়ে অবৈধভাৱে গুটখা, জৰ্দা, লগতে লালিগুৰৰ ব্যৱসায় চলাই গৈছে। বিশেষকৈ শিমলুগুৰি দাঁতি কাষৰীয়া গোমোঠা, লোণপুৰীয়া, বাঁহগড়, ৰহদৈ আলি, চণ্টক, বিহুবৰ আদি অঞ্চলসমূহত এনে মাদক দ্ৰব্যৰ প্ৰভাৱ দেখা গৈছে বুলি কয় সংগঠনটোৱে। ৰাগিয়াল দ্ৰব্যসমূহৰ বিক্ৰী বন্ধ কৰিবৰ বাবে স্থানীয় প্ৰশাসনে যেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, তেনে ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই বুলি পৰিষদে অভিযোগ উত্থাপন কৰে।