
বিহুগুৰিঃ স্কুলৰ পৰা দৌৰা দৌৰি কৈ আহি ভাতৰ কাহিত বহিল দুই ভগ্নী৷ ভাতৰ পাতৰ পৰা উঠি সমনীয়াৰ সৈতে খেলিবলৈ ওলাই গ’ল৷ নিজ ঘৰৰ পৰা কিছু নিলগত খেলি থকা অৱস্থাতে দুয়ো ভগ্নী পৰে এটি পুখুৰীত৷ পুখৰীত পৰি মৰণ কাটৰ চিঞৰ দিয়াৰ লগতে পাৰত থকা সমনীয়াই চিঞৰিব ধৰে৷
লগে লগে একাংশ লোক দৌৰি আহি প্ৰত্যক্ষ কৰে দুগৰাকী কিশোৰী ককবকাই থকা দৃশ্য৷ ততাতৈয়াকৈ কেইবাগাৰকী লোকে পানীত নামি গৈ দুয়ো ভগ্নীক উদ্ধাৰ কৰি পাৰলৈ লৈ আহে৷ ততাতৈয়াকৈ একাংশ লোকে দুয়ো ভগ্নীক চিকিৎসালয়লৈ নিয়ে৷ শোণিতপুৰ জিলাৰ ঠেলামৰা ৰাজহ চক্ৰ অন্তৰ্গত কাটনীগাঁৱত সংঘটিত হয় এই ঘটনা৷
কাটনীগাঁৱৰ অহেদ আলী আৰু ছফিৰুন নেচাৰ কন্যা ৰুবিনা খাতুন (১১) আৰু নাচিমা খাতুন(৯) বৰ্তমান তেজপুৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে। দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া পিতৃ-মাতৃয়ে সন্তানৰ এনে অৱস্থাৰ কথা শুনি দুখত ভাগি পৰে৷দুয়ো কিশোৰী বিপদ মুক্ত যদিও তেজপুৰ মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে।