
গোৰেশ্বৰঃ শৰণীয়া কছাৰী গণতান্ত্রিক নাৰী মঞ্চৰ ১৫সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস বুধবাৰে বাক্সা জিলাৰ গোৰেশ্বৰ দিনজোৰা কাৰেযসুচীৰে অনুষ্ঠিত হৈ যায়৷ অসমৰ শৰণীয়া কছাৰী জনগোষ্ঠীৰ সামগ্ৰিক উত্তৰণৰ লগতে নাৰী সৱলীকৰণত আগভাগ লৈ অহা শৰণীয়া কছাৰী গণতান্ত্রিক নাৰী মঞ্চৰ গোৰেশ্বৰ আঞ্চলিক সমিতিৰ উদ্যোগত গোৰেশ্বৰৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ভৱনত অনুষ্ঠিত হয়।
নাৰী মঞ্চৰ পতাকা উত্তোলন কৰি নাৰীমঞ্চৰ সভানেত্ৰী অৰ্চনা চৌধুৰীয়ে কাৰ্যসুচীৰ শুভৰাম্ভ কৰে। স্মৃতি তৰ্পন কৰে সাংস্কৃতিক কৰ্মী তপেশ্বৰ হাজৰিকাই। অঞ্চলটোৰ কেবাশ জনগোষ্ঠীয় ৰাইজৰ উপস্থিতিত দিনৰ এক বজাৰ পৰা অনুষ্ঠিত মুকলি সভাত পৌৰহিত্য কৰে নাৰীমঞ্চৰ সভানেত্ৰী অৰ্চনা চৌধুৰীয়ে। সভা উদ্ধোধন কৰে সদৌ অসম শৰণীয়া কছাৰী ছাত্র সন্থাৰ সভাপতি প্ৰবীণ শৰণীয়াই।
সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শৰণীয়া কছাৰী উন্নয়ণ পৰিষদৰ অধ্যক্ষ দীপক ডেকা, ভৈয়াম কাৰ্বি জনজাতি উন্নয়ন পৰিষদৰ উপাধ্যক্ষ নগেন কেলেং, শৰণীয়া কছাৰী সন্মিলনী অসমৰ সভাপতি সোণবৰ বৰুৱাই। বাক্সা জিলা শৰণীয়া কছাৰী ছাত্র সন্থাৰ সভাপতি হিতেশ ডেকা আৰু বাক্সা জিলা নাৰীমঞ্চৰ সভানেত্ৰী যমুনা শইকীয়া ভৰালীয়ে অংশ গ্ৰহণ কৰা মুকলি সভাত জনগোষ্ঠীটোৱে বিভিন্ন সমস্যা আৰু ইয়াৰ সমাধান সূত্ৰ সম্পৰ্কে বিতং ভাৱে আলোচনা কৰে আৰু এই ক্ষেত্ৰত সমূহ জনগোষ্ঠীয়ে সন্মিলীত ভাৱে মাৰবান্ধি আগবাঢ়ি যোৱাৰ সংকল্প লয়।