
প্ৰতিকী ফটো
নলবাৰীঃ নলবাৰীৰ পাগলদিয়া নৈৰ ব'ল ব'ম ঘাটত কাইলৈ ষট পূজা উদযাপিত হ’ব। কাৰ্যসূচী অনুসৰি আবেলি ৩-৩০ বজাত ষট পূজা উদ্বোধন হ’ব।
তাৰ পিছতে ধৰ্মালোচনী সভা, সাংস্কৃতিক সন্ধিয়া আদি অনুষ্ঠিত হ’ব। ২৭ অক্টোবৰৰ আবেলি দুই বজাত হোম, সন্ধিয়া পাঁচ বজাত প্ৰাঃকালীন অৰ্ঘ্য আৰু সন্ধিয়া বিসৰ্জন।
ভোলা সাহক সভাপতি, মনোজ সিংক কাৰ্যকৰী সভাপতি, গনেশ প্ৰসাদক উপ-সভাপতি, উমেশ কুমাৰ শৰ্মাক সম্পাদক, ৰাহুল মিশ্ৰা আৰু মুন্না প্ৰসাদক সহকাৰী সম্পাদক, সুৰেন্দ্ৰ প্ৰসাদক কোষাধ্যক্ষ, মুকেশ কুমাৰ শৰ্মা আৰু লাল বচন ৰজকক সাংস্কৃতিক সম্পাদক হিচাপে লৈ এখন ষট পূজা উদযাপন সমিতি গঠন কৰা হৈছে।