
চাবুৱাঃ ধোৱা চাঙত উঠিছে ৰাজ্য চৰকাৰৰ ধপাত বিৰোধি আইন৷ কংগ্ৰেছৰ চৰকাৰৰ দিনত চমক সৃষ্টিৰ বাবে বৰ বৰ কথা কৈ ৰাজ্য খনক ধঁপাত মুক্ত কৰাৰ বাবে প্ৰৱৰ্তন কৰা আইন এতিয়া ধোৱা চাঙত উঠিছে৷ ৰাজ্যৰ ভিন্ন ঠাইত আজিও মুকলিকৈ ধঁপাত বিক্ৰি হৈ থকা দেখা গৈছে৷ ফলত হাজাৰ হাজৰ যুৱক ধপাতৰ কবলত পৰিছে৷ বৰবিহ স্বৰূপ ধপাতে তিল তিলকৈ মৃত্যুৰ দিশে আগবঢ়াই নিছে যুৱকসকলক৷
২০১৩ চনতে ধঁপাতমুক্ত অসমৰ সংকল্প কৰি স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমত প্ৰৱৰ্তন কৰা "ধঁপাত নিষিদ্ধকৰণ আইন, ২০১৩" এতিয়া এক প্ৰকাৰ ধোৱা চাঙত উঠিছে৷ ৰাজ্যৰ অলিয়ে-গলিয়ে মুকলিকৈ ধঁপাতৰ অবাধ বিক্ৰিয়ে প্ৰমাণ কৰে আইনৰ বিফলতা৷
ৰাজ্যৰ দল-সংগঠন তথা সচেতন মহলে ধঁপাত, ড্ৰাগছ নিষিদ্ধ কৰাৰ দাবীত সময়ে সময়ে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও গুৰুত্ব আৰোপ কৰা দেখা পোৱা নাযায়৷ তাৰ মাজতে ডিব্ৰুগড় জিলাৰ চাবুৱাত যোৱা ১৪ চেপ্তেম্বৰত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আৰক্ষীৰ সহযোগত ২৫ হাজাৰতকৈ অধিক গুটখা জব্দ কৰিছিল।
সংগঠনৰ দাবীৰ পিছতো চহৰখনত আজিও গুটখা, ড্ৰাগছ, জুৱাৰ আড্ডা, অবৈধ সুৰাৰ দোকান চলি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, মটক যুৱ-ছাত্ৰ পৰিষদ, টাই আহোম ছাত্ৰ সন্থা, চাবুৱা আঞ্চলিক সমিতিয়ে। সংগঠন কেইটাই এক বিবৃতিৰ জৰিয়তে চাবুৱা বি-ৱাৰ্ডৰ নিবাসী হুছেইন উপাধীৰ এজন ব্যৱসায়ীয়ে প্ৰশাসনৰ চকুত ধুলি দি গুটখা, ড্ৰাগছ, জুৱাৰ আড্ডা, অবৈধ সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলোৱাৰ অভিযোগ উত্থাপন কৰে৷
চাবুৱাৰ হাতীয়ালি, শিয়ালকটী, টাটাগেট, মুৰিপতি, কৰদ জংঘল, মাছবজাৰ বালিজান চাইদিং, বিশমাইল, খাজিখোৱা আদি ঠাইত গাঞ্জা, জুৱাৰ আড্ডা, অবৈধ সুৰাৰ ঘাটি চলি থকাৰ অভিযোগ উত্থাপন কৰি নৱ প্ৰজন্মক মৃত্যু মুখলৈ ঠেলি দিয়া বৰবিহ প্ৰচলন কৰাটো কোনোপধ্যেই মানি লোৱা নহ’ব বুলি হুংকাৰ প্ৰদান কৰে সংগঠনকেইটাই।
আৰক্ষী-প্ৰশাসনৰ লগতে সংগঠনকেইটাই স্থানীয় বিধায়ক বিনোদ হাজৰিকাক শীঘ্ৰে বিষয়টোৰ সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰি নৱপ্ৰজন্মক কোঙা কৰা এই বৰবিহ প্ৰচলন বন্ধ কৰিবলৈ সংগঠনকেইটাই দাবী জনায়৷ জিলা প্ৰশাসনক ৪৮ ঘন্টাৰ চৰম সময়সীমা প্ৰদান কৰে সংগঠনকইটাই। অন্যথাই তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰাৰ ভাবুকি প্ৰদান কৰে৷