
কোকৰাঝাৰঃ আততায়ীৰ গুলীত নিহত এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক আটক কৰাৰ দাবীত বৃহস্পতিবাৰে এবিএমছুৱে কোকৰাঝাৰ জিলাৰ ছালাকাটিত ৰেলপথ অৱৰোধ কৰিবলৈ লওঁতেই নিৰাপত্তাবাহিনীৰে সংঘৰ্ষৰ সূত্ৰপাত হয়।
এবিএমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলামৰ আহমেদৰ হত্যাকাৰীক কৰায়ত্ব কৰাৰ দাবীত আজি এবিএমছুৰ উদ্যোগত ছালাকাটি ৰেল ষ্টেছনত কেবাশতাধিক প্ৰতিবাদকাৰীয়ে ৰেলপথ অৱৰোধ কৰিবলৈ লওতেই প্ৰতিবাদকাৰীসলকৰ ওপৰত নিৰাপত্তাৰক্ষীয়ে লাঠীচালনা, কন্দুৱা গেছ আৰু ৰাবাৰ গুলী নিক্ষেপ কৰে।
প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ বেহুফালি ৰেলপথ অৱৰোধ কৰিবলৈ লওঁতেই এক উত্তেজনাৰ সৃষ্টি হয় আৰু নিৰাপত্তাৰক্ষীৰ স’তে প্ৰতিবাকাৰীসকলে হতাহতি আৰম্ভ কৰে। ফলত নিৰাপত্তাৰক্ষীয়ে প্ৰতিবাদকাৰীসকলৰ ওপৰত লাঠীচালনা, ৰাবাৰ গুলী আৰু কন্দুৱা গেছ নিক্ষেপ কৰে। প্ৰত্যুত্তৰত প্ৰতিবাকাৰীসকলে নিৰাপত্তাৰক্ষীলৈ লক্ষ্য কৰি শিলাবৰ্ষণ কৰে।
প্ৰতিবাদকাৰীৰ শিলাবৰ্ষণত ৬-৭ গৰাকী নিৰাপত্তাৰক্ষী আহত হয়। আনহাতে নিৰাপত্তাৰক্ষীৰ লাঠীচালনা আৰু কন্দুৱা গেছ নিক্ষেপৰ ফলত শ্বাহআলম আলি (৫২) নামৰ এক পিকেটিংকাৰী আৰু লাফিকুল ইছলামৰ ভগ্নী মঞ্জুমা খাতুনো আহত হয়। উক্ত ঘটনাত প্ৰতিদিন টাইমৰ সাংবাদিক জয়ন্ত দেৱনাথৰ গাতো শিলগুটীয়ে আঘাত কৰে। সম্প্ৰতি কোকৰাঝাৰৰ ছালাকাটি ৰেল ষ্টেছনত এক চেপা উত্তেজনাই বিৰাজ কৰিছে।