ৰঙিয়াত ৰেল পথ অৱৰোধ, ওদালগুৰিত আৱদ্ধ ৰঙিয়া অভিমুখী শতাব্দী এক্সপ্ৰেছ

ৰঙিয়াঃ বৃহস্পতিবাৰে কেইবাশতাধিক পুৰুষ মহিলাই ৰঙিয়াৰ সমীপৰ খন্দিকৰত ৰেল পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰঙিয়াৰ চহৰৰ সমীপৰ খন্দিকৰত  এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক আটক কৰাৰ দাবীত ৰেল পথ অৱৰোধ কাৰ্যসুচী ৰূপায়ণ কৰে৷ সংগঠনটোৰ তামুলপুৰ জিলা সমিতিয়ে ৰেলপথ অৱৰোধ কাৰ্যসুচী ৰূপায়ণ কৰে৷

শ শ প্ৰতিবাদকাৰীয়ে ৰেলপথৰ ওপৰত বহি অসম চৰকাৰ হায় হায়, ৰাজেন সিংক শীঘ্ৰে নিলম্বন কৰক, লাফিকুল হত্যাকাৰীক গ্ৰেপ্তাৰ কৰক আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে।

অপ্ৰীতিকৰ ঘটনা সংঘটিত নহ’বৰ বাবে প্ৰশাসনে যথেষ্ট হাৰত আৰক্ষী, অৰ্ধসামৰিক বাহিনী, ৰেল সুৰক্ষা বাহিনীক মোতায়ন কৰা পৰিলক্ষিত হয়। খন্দিকৰত ৰেলপথ অৱৰোধৰ বাবে ৰঙিয়া-নাহৰলগুণ, মুৰ্ককচেলেং, ডেকাৰগাঁও উজনি-নামনি অভিমুখী সকলো ৰেল বাতিল কৰা হয় আৰু ওডালগুৰিত ৰঙিয়া অভিমুখী শতাব্দী এক্সপ্ৰেছ আৱদ্ধ হৈ পৰে।