ঐতিহ্যমণ্ডিত ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় সোণালী জয়ন্তী, উখল-মাখল বৰক্ষেত্ৰী

নলবাৰীঃ বিখ্যাত চৌধুৰী পৰিয়ালৰ স্মৃতি আজিও সজীৱ হৈ আছে কামৰূপ আৰু নলবাৰী জিলাত৷ বিশেষকৈ ঐতিহ্যমণ্ডিত বৰক্ষেত্ৰী, মুকালমুৱাত আজিও সজীৱ হৈ আছে চৌধুৰী পৰিয়ালৰ স্মৃতি৷  
অবিভক্ত কামৰূপ জিলাৰ লাউপাৰা গাঁও। গাঁওখন পিছে এতিয়া নাই। গাঁওখনৰ স্মৃতি বিলীন হৈ গৈছে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত৷ গাঁও নাথাকিলেও আজিও অসমীয়াৰ অন্তৰত সজীৱ লাউপাৰা গাঁও আৰু বিখ্যাত চৌধুৰী পৰিয়াল৷

কামৰূপ আৰু নলবাৰী জিলাৰ বৰক্ষেত্ৰী, মুকালমুৱা আদিৰ ৰাইজে সাধু কথাৰ দৰে স্মৃতি ৰোমন্থন কৰে প্ৰতিথযশা সাহিত্যাক ৰঘুনাথৰ চৌধাৰী, পিতৃ ভোলানাথ চৌধাৰী আৰু মাক দয়ালতা চৌধাৰী তথা বিখ্যাত চৌধুৰী পৰিয়ালৰ কথা। অসমীয়া সাহিত্যৰ ভৰাল চহকী কৰি যোৱা ৰঘুনাথ চৌধাৰীৰ জন্মস্থানৰ পৰা মাথো ৫ কিলোমিটাৰ নিলগত আজিৰ পৰা ৫০ বছৰ পূৰ্বে কেইগৰাকীমান শিক্ষানুৰাগী লোকে ৰঘুনাথ চৌধাৰীৰ নামেৰে এখন বিদ্যালয় স্থাপন কৰিছিল৷

ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় নামেৰে মুকালমুৱাত স্থাপন কৰা বিদ্যালয়খনে এইবাৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিব৷ মহান সাহিত্যিক গৰাকীক এই সুযোগতে আকৌ এবাৰ ৰোমন্থন কৰিব জন্মভূমিৰ আশে-পাশে থকা প্ৰতিজন লোকে৷ বিদ্যালয়খনৰ সোণালী জয়ন্তী বৰ্ষ অহা ২৭ আৰু ২৮ অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হ'ব৷ ঐতিহ্যমণ্ডিত ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে।

অহা ২৭ আৰু ২৮ অক্টোবৰত সোণালী জয়ন্তী সফল কৰিবলৈ বিভিন্ন দল-সংগঠন, শুভাকাংক্ষী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন কাৰ্যপন্থা হাতত লৈছে। বিদ্যালয়ৰ ১৯৯৯-২০০১ বৰ্ষৰ শতাধিক প্ৰাক্তন ছাত্ৰ-ছাত্ৰী একগোট হৈ যোৱা এক অক্টোবৰত সতীৰ্থ সন্মিলন অনুষ্ঠিত কৰে৷ বিদ্যালয়খনত নৱ নিৰ্মিত সোণালী ভৱনত প্ৰয়োজনীয় বিজুলী পাংখা যোগান ধৰা, "সতীৰ্থ" নামেৰে এখন বাৰ্ষিক মুখপাত্ৰ প্ৰকাশ কৰা, সতীৰ্থৰ বিপদ কালত  সহায় কৰা আদিৰ ব্যৱস্থা কৰে ৯৯৯-২০০১ বৰ্ষৰ শতাধিক প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে।

সতীৰ্থ সন্মিলনৰ প্ৰস্তাৱ অনুসৰি বুধবাৰে নিশা বিদ্যালয়ৰ নৱ নিৰ্মিত সোণালী ভৱনৰ প্ৰয়োজনীয় ৪৬খন বিজুলী পাংখা সোণালী জয়ন্তী উদযাপন সমিতিৰ বিত্তীয় সম্পাদক তথা স্থানীয় বিধায়ক নাৰায়ণ ডেকাৰ হাতত অৰ্পণ কৰে৷ নকৈ গঠন কৰা সতীৰ্থৰ সভাপতি-সম্পাদক ক্ৰমে অনন্ত বৈশ্য আৰু আব্দুছ চামাদ চৌধুৰী সমন্বিতে সদস্যসকলে।

বিজুলী পাংখা গ্ৰহণ কৰি বিধায়ক নাৰায়ণ ডেকাৰ লগতে সচেতন মহলে 'সতীৰ্থ'ৰ এনে মহৎ অৱদানক ভূয়সী প্ৰশংসা কৰে। পাংখা প্ৰদান অনুষ্ঠানত নলবাৰীৰ নিউজ লাইফৰ সাংবাদিক ব্ৰজেন তালুকদাৰ, উদযাপন সমিতিৰ কৰ্মকৰ্তাৰ লগতে সতীৰ্থৰ সদস্য মনেশ্বৰ তালুকদাৰ, অৰূপ মেধি, ৰেজেকুল ইছলাম, মিতালি বৰ্মন, নৱজিৎ মহন্ত উপস্থিত থাকে।সাংবাদিক তথা উদীয়মান কবি তফিকুৰ ৰহমানৰ সম্পাদনাত ১৯৯৯-২০০১ বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাৰ্ষিক মুখপত্ৰ "সতীৰ্থ"ৰ প্ৰথম সংখ্যা সোণালী জয়ন্তীৰ মুকলি সভাত উন্মোচন কৰা হ'ব বুলি জানিব পৰা গৈছে।