
নগাঁওঃ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নগাঁও চক্ৰৰ অধীক্ষক অভিযন্তাৰ কাৰ্যালয়ে অবৈধ নিবিদা প্ৰক্ৰিয়া এক কঠোৰ নিৰ্দেশৰ জৰিয়তে বাতিল কৰে জিলা উপায়ুক্তই।
দুৰ্নীতিপৰায়ণ অধীক্ষক অভিযন্তাজনে বিভাগীয় নীতি-নিয়ম উলংঘাৰে অবৈধভাবে নিবিদা আহ্বান কৰা প্ৰক্ৰিয়া সাময়িকভাবে বন্ধ কৰিবলৈ আৰু বিভাগীয় উৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা নিবিদা প্ৰক্ৰিয়া পুনৰ মুকলিৰ ক্ষেত্ৰত আগতীয়াকৈ অনুমতি ল’বলৈ উপায়ুক্ত চমচেৰ সিংঙৰ দ্বাৰা স্বাক্ষৰিত DCNPA/5/2016/549 নম্বৰৰ নিৰ্দেশনাৰে কঠোৰভাবে সকীয়াই দিছে।
উল্লেখযোগ্য যে ,জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ধিং সংমণ্ডলৰ অধীনৰ তথা সংমণ্ডলৰ কাৰ্যবাহী অভিযন্ত্ৰাৰ জৰিয়তে আহ্বান হ’বলগীয়া ১০ খন আঁচনি কাৰ্যক্ষমৰ বাবে যোৱা ১০ অক্টোবৰত বিভাগীয় নীতি-নিয়ম উলংঘা কৰি বিতৰ্কীত অধীক্ষক অভিযন্ত্ৰাজনে চৰম মইমতালিৰে সংগোপনে অবৈধভাবে নিবিদা আহ্বান কৰিছিল৷
তদুপৰি অধীক্ষক অভিযন্ত্ৰাজনে অহা ডিচেম্বৰ মাহত চাকৰিৰ পৰা যিহেতু অৱসৰ গ্ৰহন কৰিব, সেয়ে নিজৰ কাৰ্যকালৰ সময়তে একাংশ সুবিধাবাদী ঠিকাদাৰৰ সৈতে গোপন বুজাবুজিৰে বৃহৎ পৰিমাণৰ ধনৰ লেনদেনেৰে উক্ত অবৈধ প্ৰক্ৰিয়া আৰম্ভ কৰিব বিচাৰিছিল বুলি অভিযোগ উঠিছে৷