নগাঁৱৰ ধিঙত চুলাই মদ সহ চাৰি যুৱকক আটক

ধিংঃ নগাঁও জিলাৰ ধিঙত আবকাৰী বিভাগৰ অভিযানত চলাই মদ সহ জালত পৰিল চাৰিগৰাকী লোক৷ বৃহস্পতিবাৰে পুৱাই ধিঙত আবকাৰী বিভাগৰ এটি দলে চহৰৰ সমীপত পথত অভিযান চলাই৷

অভিযান কালত চাৰি যুৱকে পলিথিনত ভৰাই বস্তাত বান্ধি কোনো সামগ্ৰী অনা প্ৰত্যক্ষ কৰে৷ পিছত তালাচী চলাই চুলাই মদ বুলি অৱগত হোৱাত ৪ যুৱক সহিতে মদ জব্দ কৰে৷ কেইদিনমানৰ পুৰ্বে বহু পৰিমাণৰ চুলাই মদ জব্দ কৰিছিল আলকাৰী বিভাগে৷