বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ আজি দ্বিতীয় দিন

চামগুৰিঃ নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত পুৰণিগুদামৰ ড০ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বুধবাৰৰ পৰা আৰম্ভ হৈছে সোণালী জয়ন্তী সমাৰোহ৷ সোণালী জয়ন্তী সমাৰোহৰ বুধবাৰে পুৱা ৮.৩০ বজাত মহাবিদ্যালয় আৰু সোণালী জয়ন্তীৰ উদযাপন সমিতিৰ পতাকা উত্তোলনেৰে কাৰ্যসুচীৰ শুভৰাম্ভ কৰা হয়৷

তাৰ পিছতে দিনজোৰা বৰ্ণিল কাৰ্যসুচীৰে প্ৰথম দিনৰ কাৰেযসুচীৰ সমাপ্ত হয়৷ মহাবিদ্যালয় খনৰ সোণালী জয়ন্তী সমাৰোহৰ বৃহস্পতিবাৰে দ্বিতীয় দিন৷ বৃহস্পতিবাৰে এঘাৰ বজাৰ পৰা অনুষ্ঠিত হৈছে বক্তৃতানুষ্ঠান আৰু গ্ৰন্থ উন্মোচন অনুষ্ঠান৷

মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ভূপেন শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত বক্তৃতানুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বক্তৃতা প্ৰদান কৰে বিশিষ্ট সাংবাদিক তথা প্ৰাগ নিউজ চেনেলৰ মুখ্য সম্পাদক অজিত কুমাৰ ভূঞাই৷ ভূঞাই শিক্ষা সন্দৰ্ভত ভাষণ প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীক দেশ সেৱা তথা জতিৰ হকে কাম কৰি যাবলৈ আহ্বান জনায়৷ ছাত্ৰ অৱস্থাৰ পৰাই সমাজ ব্যৱস্থাৰ সৈতে জড়িত হৈ থাকিবলৈ পৰামৰ্শ আগবঢ়ায় ভূঞাই৷ বক্তৃতানুষ্ঠানত বহুকেইজন বিশিষ্ঠ ব্যক্তি উপস্থিত থাকে৷