
নামতিঃ শিৱসাগৰ জিলাৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান খঁৰাগড় আঞ্চলিক কলাকৃষ্টি কেন্দ্রৰ উদ্দ্যোগত অহা ৩-৫ নৱেম্বৰত বিস্তৃত কার্যসূচীৰে ৩৪ সংখ্যক ৰাস মহোৎসৱৰ উদযাপনৰ ব্যাপক প্রস্তুতি চলাই থকা পৰিলক্ষিত হৈছে। তিনিদিনিয়াকৈ উদযাপন কৰিবলগীয়া ৩৪ সংখ্যক ৰাস মহোৎসৱ সফল কৰি তুলিবলৈ ইতিমধ্যে ৰাজহুৱা সভা অনুষ্ঠিত কৰি সাত খন উপ-সমিতি গঠন কৰে ৰাইজে।
কার্যসূচী অনুসৰি ৩ নৱেম্বৰৰ পুৱা ৫ বজাত উষা কীর্তন, ৮ বজাত পতাকা উত্তোলন, ৮-৩০ বজাত বৃক্ষ ৰোপন, ১০ বজাত নাম প্রসংগ, সন্ধিয়া ৫ বজাত বন্তি প্রজ্বলন, সন্ধিয়া ৮ বজাত মঞ্চ উদ্বোধন, ৮-৩০ বজাত শ্রী শ্রী কৃষ্ণৰ শিশুলীলা নাটৰ মঞ্চাভিনয় ৰূপায়ণ কৰা হ’ব। ৪ নবেম্বৰৰ পুৱা ১০ বজাত নাম প্রসংগ, সন্ধিয়া ৫ বজাত বন্তি প্রজ্বলন, ৫-৩০ বজাত নাম প্রসংগ আৰু কলা কৃষ্টি কেন্দ্রৰ লগত জড়িত ব্যক্তিক সম্বর্ধনা জনাব উদ্যোক্তাই।
পুনৰ সন্ধিয়া ৭ বজাত শলগুৰি মুকুল সাহিত্য সভাৰ শাখা অনুষ্ঠান আকাশে মহিলাৰ থিয় নাম প্রদর্শন কৰিব। সন্ধিয়া ৭-৩০ বজাত আমন্ত্রিত শিল্পিৰ দ্বাৰা দশাৱতাৰ নৃত্য প্রদর্শন কৰাৰ লগতে ৮ বজাত শ্রী শ্রী কৃষ্ণ ৰাসলীলা আৰু কংসবধ নাটৰ মঞ্চস্থ কৰা হ’ব। অন্তিম দিনা অর্থাৎ ৫ নৱেম্বৰত সন্ধিয়া বন্তি প্রজ্বলন, ৫-৩০ বজাত নাম প্রসংগ, সন্ধিয়া ৮ বজাত ভাওনা উদ্বোধন কৰা হ’ব। ৮-৩০ বজাত ধিতাই পুখুৰী পূর্বৰঙ্গ সংস্কৃতিক গোষ্ঠীয়ে "নৰসিংহ মুৰাৰী" ভাওনা প্রদর্শন কৰিব। উদযাপন সমিতিৰ সম্পাদক দিপাংকৰ গগৈয়ে ৩৪ সংখ্যক এই ৰাস মহোৎসৱ খন সফলতাৰে অনুষ্ঠিত কৰিবলৈ সকলো ধর্ম প্রাণ ৰাইজৰ সহযোগিতা কামনা কৰিছে।