আছু, অসম সেনা, আক্ৰাছুই আৱদ্ধ কৰিলে ১০২জন সন্দেহযুক্ত নাগৰিকক

বালিপৰাঃ দিন দুপৰতে সদৌ অসম ছাত্ৰ সন্থাই অভিযান চলালে অবৈধ নাগৰিকৰ বিৰুদ্ধে৷ শোনিতপুৰৰ চাৰিদুৱাৰত আছু, অসম সেনা আৰু আক্ৰাছুই অভিযান চলাই আবদ্ধ কৰে ১০২গৰাকী সন্দেহজনক পুৰুষ-মহিলাক৷

নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰবেশদ্বাৰৰ সমীপত বুধবাৰৰ পৰা বাহৰ পাতি আছিল শিশু-মহিলা সহ ১০২ জনকৈ সন্দেহযুক্ত নাগৰিকে।

নলবাৰীৰ পৰা অৰুণাচল প্ৰদেশত কাম কৰিবলৈ যাবৰ বাবে অহা বুলি প্ৰকাশ কৰা লোকসকলক আছুই অবৈধ নাগৰিক বুলি সন্দেহ কৰে৷

নথিপত্ৰৰ অভাৱত ইনাৰলাইন পাছ বনাব নোৱাৰি উক্ত স্থানত বাহৰ পাতি থকা অৱস্থাত সন্দেহ কৰি আছু, অসম সেনা আৰু আক্ৰাছুই চাৰিদুৱাৰ আৰক্ষীক গতাই দিয়ে সন্দেহযুক্ত নাগৰিক কেইজনক। ইতিমধ্যে চাৰিদুৱাৰ আৰক্ষীয়ে প্ৰয়োজনীয় নথি-পত্ৰ চোৱাচিতা কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে। ১০২ জনকৈ লোকে ভোটাৰ পৰিচয় পত্ৰ লগত আছে৷