
ওদালগুৰিঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলাতো শুকুৰবাৰে পুৱাই শ শ লোকে সূৰ্য দেৱতাক আৰাধনা কৰে। ওদালগুৰি জিলাৰ বিহাৰী সম্প্ৰদায়ৰ লোকসকলে বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰে ষট পূজা৷
যোৱা ২৫ অক্টোবৰপ পৰা পালন কৰা ষট পূজা শুকুৰবাৰে সমাপ্ত হয়। ওদালগুৰি জিলাৰ গোলন্দী নৈৰ পাৰত পূজা কৰা পৰিলক্ষিত হয়।
বৃহস্পতিবাৰে উপায়ুক্ত দাসে পূজা স্থলিত উপস্থিত হৈ পৰিবেশ পৰ্যাবেক্ষণ কৰে। ষট ঘাট সমূহ সজাই-পৰাই তোলা হয়। শুকুৰবাৰে পুৱাই বিহাৰী সম্প্ৰদায়ৰ লোকসকলে ঘৰৰ পৰা ওলাই আহি নৈৰ ঘটত সূৰ্য দেৱতাক আৰাধনা কৰে। ষট অৰ্থাৎ ছটা বা ৰশ্মীৰ পূজা। এই ৰশ্মী সূৰ্যৰ পৰাই পৃথিৱীৰ বুকুলৈ নামি আহে। ষটৰ পূজা হ'লেও এই পূজাৰ লগত জড়িত স্বয়ং সূৰ্যদেৱ।