
নলবাৰীঃ ৰাইজে নখ জোকাৰিলে নৈ বয়৷ সকলোৱে লগে ভাগে কাম কৰিলে জটিল কাম নতুবা সমস্যা সমাধান হয়৷ তেনে কামে কৰিলে দেখুৱালে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱাৰ একাংশ লোকে৷ চৰকাৰৰ সাহায্য নোহোৱাকৈ এখন আগশাৰীৰ শিক্ষানুষ্ঠানত প্ৰায় প্ৰায় ডেৰ কোটি টকা মূল্যৰ এটা ভৱন নিৰ্মাণ কৰি উলিয়াইছে সকলোৱে লগে ভাগে।
বৃহস্পতিবাৰে নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাই এই কথা সংবাদ মেল যোগে প্ৰকাশ কৰে। বিধায়কগৰাকীয়ে ঐতিহ্যমণ্ডিত ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত উল্লেখ কৰাৰ উদ্দেশ্যে মুকালমুৱাত সংবাদমেল অনুষ্ঠিত কৰি বিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী অভিভাৱক তথা শুভকাংক্ষীৰ আৰ্থিক অনুদানেৰে বৃহৎ ভৱন নিৰ্মাণ কৰা বুলি কয়৷
সম্পূৰ্ণ হৈ উঠা সোণালী ভৱনটো অহা ২৮ অক্টোবৰত আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব ৰাজ্যৰ শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বিহগী কবি ৰঘুনাথ চৌধাৰীৰ এটা আৱক্ষ মূৰ্তিও উদ্বোধন কৰা হ’ব বুলি বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ডাঃ দিলিপ মহন্তই সংবাদ মেলত সদৰী কৰে।