গোৱালপাৰাত আজিও অব্যাহত আছে চোৰাং কাঠৰ ব্যৱসায়

গোৱালপাৰাঃ বনজ সম্পদ ৰক্ষাৰ প্ৰতিশ্ৰুতি দি শাসনৰ গাডী দাখল কৰা বিজেপি নেতৃত্বাধীন অগপ বিপিএফৰ মিত্ৰ জোঁটৰ চৰকাৰে বনজ সম্পদ ৰক্ষাত বিফল হৈছে৷ কিয়নো ৰাজ্যত আজিও বনৰীয়া হতীৰ মৃত্যু তথা হত্যা হোৱাৰ লগতে চোৰাং কাঠৰ ব্যৱসায় পাহাৰ ধ্বংস কৰাৰ খবৰ প্ৰতিদিনে প্ৰচাৰ হৈ আহিছে৷

তাৰ মাজতে গোৱালপাৰা জিলাৰ ৰংজুলি থানাৰ অন্তৰ্গত শিমলিতোলাত বন বিভাগে বৃহস্পতিবাৰে অভিযান চলাই কাঠৰ লগতে কাঠ ফলা মিল জব্দ কৰিবলৈ সক্ষম হয়৷ ৰংজুলি বনাঞ্চলত বন ধ্বংসযজ্ঞ অব্যাহত থকা বুলি অভিযোগ উত্থাপন হৈ অহাৰ সময়তে এই অভিযান চলাই বন বিভাগে৷

চোৰাং কাঠ ব্যৱসায়ীৰ বজাৰ নামেৰে বিখ্যাত শিমলিতোলা বজাৰত আজিও মুকলিকৈ বিক্ৰি হয় চোৰাং কাঠ৷ গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইৰ পৰা কাঠ বিক্ৰি কৰিবলৈ আনে চোৰাং ব্যৱসায়ীয়ে এইখন বজাৰত। যোৱা ১২ এপ্ৰিলত বন মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই ৰংজুলি বনাঞ্চলত উপস্থিত হৈ বনাঞ্চলৰ বুজ লৈছিল আৰু শিমলিতোলা কাঠৰ বজাৰ উচ্ছেদ কৰাৰ ঘোষনা কৰিছিল৷ কিন্তু আজিলৈকে বন বিভাগে এই ক্ষেত্ৰত কোনো পদক্ষেপ লোৱা দেখা নাযায়৷