অভিনেত্রী নলীনি বৰুৱাৰ মৃত্যু, নলবাৰীত শোক

নলবাৰীঃ প্ৰয়াত নাট্যকাৰ, সৃষ্টিশীল শিল্পী ভৱেন বৰুৱাৰ পত্নী সুঅভিনেত্ৰী নলিনী বৰুৱাৰো বাৰ্ধক্যজনিত ৰোগত পৰলোকপ্ৰাপ্তি হয়। ৭০ বছৰীয়া অভিনেত্ৰী গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে নলবাৰীৰ দল-সংগঠন বোৰৰ নেতৃত্বৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত নি শেষ শ্ৰদ্ধা নিবেদন কৰে।

বৃহস্পতিবাৰে নিশা ৩ বজাত মৃত্যু মুখতপৰা অভিনেত্ৰী গৰাকীৰ বাবে সমগ্ৰ অসমৰ লগতে ৰাজ্যৰ বিশিষ্ট সাহিত্যিক তথা সমালোচক শশী শৰ্মা, বসন্ত কুমাৰ ভট্টাচাৰ্য, ৰাজ্যৰ পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, নলবাৰী সমষ্টিৰ বিধায়ক  অশোক কুমাৰ শৰ্মা, বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা,নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ৰমানাথ বৰুৱা, উপ-সভাপতি ড০ বিপিন চন্দ্ৰ কলিতা, সম্পাদক নৰেন্দ্ৰ মজুমদাৰ, নলবাৰী জিলা লেখক সভাৰ সভাপতি ৰফিউল হুছেইন বৰুৱা, সম্পাদক প্ৰধান বিজয় বৰুৱাই শোক প্ৰকাশ কৰে।

 নলবাৰী হৰিমন্দিৰ সমিতিৰ সভাপতি চন্দ্ৰ কলিতা, সাধাৰণ সম্পাদক নগেন ডেকা, নলবাৰী জিলা শিল্পী সন্থাৰ সম্পাদক প্ৰণৱ ডেকা, আছুৰ ৰাজ্যিক সাংগঠনিক সম্পাদক হিমান বৰ্মন, জিলা আছুৰ উপদেষ্টা চন্দন হালৈ, সভাপতি গুণজৌত পাঠক, সাধাৰণ সম্পাদক অক্ষয় ডেকা, নলবাৰী  আঞ্চলিকৰ ভাৰপ্ৰাপ্ত  সভাপতি ৰুবুল বৰ্মন, সাধাৰণ সম্পাদক নিলকমল বৰ্মন,  অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা উপদেষ্টা ব্ৰজেন চৌধুৰী, সভাপতি মৃণাল কুমাৰ বৰ্মন, উপ-সভাপতি প্ৰণৱ তালুকদাৰ, সাধাৰণ সম্পাদক গৌতম কুমাৰ শৰ্মা, যুটীয়া সম্পাদকদ্বয় পাৰ্থ প্ৰতীম শৰ্মা, নিৰোদ দাস, বিত্ত সম্পাদক যোগেশ কলিতা, সাংস্কৃতিক সম্পাদক প্ৰণৱজ্যোতি কলিতা, নলবাৰী  আঞ্চলিকৰ সভাপতি কৌশিক বৰ্মন, সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা শ্ৰাপন কৰে।

 ৰাষ্টীয় যুৱ মৰ্চাৰ জিলা সভাপতি গোকুল মহন্ত, এছ এফ আইৰ জিলা নেত্ৰী মৌচুমী গোস্বামী, নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা, উপ সভাপতি অপূৰ্ব শৰ্মা, সাধাৰণ সম্পাদকদ্বয় নিতুল ডেকা, পুলক শৰ্মা, জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মন, জিলা অগপৰ সভাপতি আনন্দ ৰাজবংশী, অগপ নেতা তথা শিল্পী দিলিপ কুমাৰ দাস, বাওঁপন্থী নেতা ৰবীন মিশ্ৰ, নলবাৰী জিলা সাংবাদিক সন্থাৰ সভাপতি, নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মা, প্ৰধান সম্পাদক ৰমেন কলিতা, যুটীয়া সম্পাদকদ্বয় সুভাষ ডেকা, বসন্ত দাসেও শোক প্ৰকাস কৰে

 জিলা প্ৰেছ ক্লাৱৰ সভাপতি কমলেশ শৰ্মা, প্ৰধান সম্পাদক ব্ৰজেন তালুকদাৰ, জিলা বাৰ্তাজীৱি সংঘৰ সভাপতি মজিবুৰ ৰহমান, সম্পাদক ৰুপ কুমাৰ শৰ্মা, জিলা আপকুৰ সভাপতি আব্দুল মজিদ, নলবাৰী প্ৰেছ ক্লাৱৰ সভাপতি জীতেন শৰ্মা,বিশিষ্ট সাংবাদিক  মনোজ শৰ্মা, কিশোৰ কলিতা, এম মহিবৰ ৰহমান, ফাইজুৰ ৰহমান, জ্ঞানজ্যোতি শইকীয়া, মানিক ডেকা, সুভাষ ডেকা,  আদিকে ধৰি বিভিন্ন দল, সংগঠনৰ নেতৃত্বই শোক প্ৰকাশ কৰে আৰু পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। সাংবাদিকেৰে মতবিনিময়ত বিশিষ্ট সাহিত্যিক, সমালোচক, চিন্তাবিদ শশী শৰ্মাই কয় যে প্ৰয়াত নাট্যকাৰ ভবেন বৰুৱাৰ পত্নী এগৰাকী প্ৰগতিশীলা নাৰী আছিল। তেওঁ নাটকৰ মাধ্যমেৰে সমাজ পৰিবৰ্তনৰ সপোন দেখিছিল।

নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাই কয় যে নলিনী বৰুৱা বাইদেউৰ  অভিনয় যিকোনো নাটকতে চালে দৰ্শকে আনফালে চাব লগা হোৱা নাছিল। আজি তেওঁৰ মৃত্যুত সাংস্কৃতিক তথা ভ্ৰাম্যমাণ জগতত কিছু পৰিমাণে হ’লেও ক্ষতি হ’ল বুলি দোহাৰে নাট্যকাৰ শৰ্মাই ।