শিৱসাগৰত থিতাতে লিখা কবিতা প্ৰতিযোগিতা

শিৱসাগৰঃ স্বেচ্ছাসেৱী অনুষ্ঠান ‘খোজ’ৰ উদ্যোগত আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত অহা ৪-১৪ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব চতুৰ্থ বাৰ্ষিক শিৱসাগৰ গ্ৰন্থ উৎসৱ৷ সুধাকন্ঠ ড০ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰ তথা বডিং খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া শিৱসাগৰ গ্ৰন্থ উৎসৱৰ বাবে ইতিমধ্যে ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷

গ্ৰন্থ উৎসৱৰ সৈতে সংগতি কবিতা অালোচনী 'সঁজাল' কৰ্তৃপক্ষই অহা ৮ নৱেম্বৰত দিনৰ ১১বজাৰ পৰা থিতাতে লিখা কবিতা প্ৰতিযোগিতাৰ অায়োজন কৰিছে। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিছৰা প্ৰতিযোগিসকলক ৮০১১৬৭২০৫৭ (ব্ৰজেন দাস) অথবা ৮৩৯৯০১৪৬৫৩ (প্ৰান্তিক শৰ্মা)নম্বৰত যোগাযোগ কৰিবলৈ 'সঁজাল' কৰ্তৃপক্ষই আহ্বান জনায়৷