
আমগুৰিঃ ৰাজ্যত এতিয়া উসৱৰ বতৰ৷ এটাৰ পিছত এটা উৎসৱে মানুহৰ গাচ তত নাইকিয়া কৰিছে৷ দুৰ্গা পূজা, কাতি বিহু, দীপাৱলীৰ পিছত এইবাৰ ফৰিং ফুটা ৰূপালী জোনাকত অসমীয়াই পালন কৰিব শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া ৰাস উৎসৱৰ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ সমানে সমানে যুৱতী সকলে কৰি গৈছে আখৰা।
শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ বিভিন্ন ঠাইত শ্ৰীকৃষ্ণৰ ৰাসলীলা প্ৰদৰ্শনৰ প্ৰস্তুতিৰ লগতে ভক্তক আদৰিবৰ বাবে সাজু হৈছে ৰাস উদযাপন সমিতি সমূহ৷ সত্ৰীয়া সংস্কৃতিৰ মহানগৰী মাজুলীৰ পাছতেই শিৱসাগৰ জিলাতে সৰ্বাধিক সংখ্যক ৰাস মহোৎসৱৰ আয়োজন হয়। সমগ্ৰ আমগুৰি সমষ্টিতে প্ৰতিবছৰে ৫০খনৰো অধিক ৰাসৰ আয়োজন কৰা হয়।
ইয়াৰ ভিতৰতে প্ৰতিবছৰে ৰাস উদযাপন কৰি অহা নামদাং বৰনামঘৰে ২৯টাকৈ বছৰ সম্পূৰ্ণ কৰিলে। এইবেলিও ৰাস উদযাপনৰ বাবে নামদাং বৰনামঘৰ সমিতিয়ে ৫ দিনীয়াকৈ ৰাস উদযাপন কৰিব। ৰাসৰ লগতে সংগতি ৰাখি আয়োজক সমিতিয়ে ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰো আয়োজন কৰিছে। নামঘৰৰ চৌহদত স্থাপন কৰা ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলীৰে ৰাসৰ শুভাৰম্ভ কৰা হ'ব নামদাং বৰনামঘৰত। ঐতিহাসিক নামদাং শিলাসাঁকোৰ সমীপতে লাগি থকা নামদাং বৰনামঘৰৰ লগতে বৃহত্তৰ আমগুৰিৰ প্ৰতিখন ৰাসস্থলীতে কুশীলৱসকলে দৰ্শকৰ সন্মুখত সৰ্বোচ্চ উজাৰি শ্ৰীকৃষ্ণৰ মহিমাক জীৱন্ত ৰূপত প্ৰতিষ্ঠাৰ বাবে পূৰ্ণ গতিত আখৰা অব্যাহত ৰাখিছে।