ডোনাল্ড ট্ৰাম্পক অনুসৰণ, নীলা সাংবাদিকসকল গা-পা ধুই বগা হওঁক-উপদেশ আঙুৰলতাৰ

নগাঁওঃ ২০১৬ চনৰ আমেৰিকাৰ নিৰ্বাচনৰ সময়ৰ কথা মনত আছে নহয়৷ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আৰু নিৰ্বাচন পাৰ হৈ যোৱাৰ পিছত কেৱল সংবাদ মাধ্যমকে টাৰ্গেট কৰি হকে-বিহকে ককৰ্থনা কৰিবলৈ  আৰম্ভ কৰিছিল ডোনাল্ড ট্ৰাম্পে৷ কেৱল সিমানে নহয় সংবাদ মেলৰ মাজতে সংবাদ মাধ্যমৰ প্ৰশ্নত জাঙুৰ খাই উঠিছিল ট্ৰাম্পে৷

বিশ্বৰ আগশাৰীৰ সংবাদ মাধ্যমক ফেক নিউজ বুলি কবলৈ কুন্ঠাবোধ কৰা নাছিল৷ আমেৰিকাৰ সেই সময়ৰ ৰিপাব্লিকানৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ডোনাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতি হ’ল যদিও সংবাদ মাধ্যমৰ বিৰুদ্ধে আচৰণ সলনি নহ’ল৷ কোৱা বাহুল্য অসমৰ বহু নেতা-নেত্ৰীয়ে এতিয়া ডোনাল্ড ট্ৰাম্পৰ দৰেই ব্যৱহাৰ কৰিব ধৰিছে৷ ডোনাল্ড ট্ৰাম্প বিশ্বৰ চুপাৰ পাৱাৰ দেশৰ ৰাষ্ট্ৰপতি তেও সংবাদ মাধ্যমৰ সৈতে ফেৰ মাৰিছে৷

তাত কব লগা নাই৷ কিন্তু আমাৰ অসমৰ একাংশ মন্ত্ৰী-বিধায়কে যেন ডোনাল্ড ট্ৰাম্পক হে অনুসৰণ কৰিছে৷ অসমৰ সাংবাদিকক নীলা সাংবাদিক আখ্যা দি অসমৰ সাংবাদিকতাৰ সৈতে জড়িত পিতামহ পণ্ডিত তথা বিশিষ্ট বুদ্ধিজীৱী ৰাধিকা মোহন ভাগৱতী হতৰ দৰে লোকক এক প্ৰকাৰ অপমান কৰিবলৈ কুন্ঠাবোধ নকৰা হৈছে৷ এগৰাকী বিধায়িকাই অসমৰ সাংবাদিকক নীলা সাংবাদিক আখ্যা দিয়ে৷

সেয়াও ৰাজহুৱা সভাত৷ নীলা সাংবাদিকসকলক গা-পা ধুই বগা হোৱাৰ উপদেশ প্ৰদান কৰিছে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই। পৰিবৰ্তনৰ শ্লোগান দি শাসনত অধিষ্ঠিত হোৱাৰ পিছতে চৰকাৰৰ এচাম বিধায়কে এতিয়া হ'কে বিহকে সাংবাদিকসকলকো অপমানসূচক মন্তব্য প্ৰদান কৰা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে বিধায়িকা আঙুৰলতা ডেকাৰ উপদেশে সাংবাদিক সকলক ক্ষোভিত কৰি তুলিছে।

চৰকাৰৰ একাংশ বিধায়ক-বিধায়িকাই এতিয়া সাংবাদিকসকলকো গা-পা ধুৱাই পৰিবৰ্তন কৰিব বিচাৰিছে নেকি বুলিও সৰৱ চৰ্চা অব্যাহত আছে। পৰিবৰ্তনৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ অহা সৰ্বানন্দ সোণোৱাল নেৰ্তৃত্বাধীন চৰকাৰখনে নিজৰ ডেৰ বছৰীয়া কাৰ্যকালত ৰাজ্যলৈ কিমান পৰিৱৰ্তন আনিছে সেই বিষয়টো বিতৰ্কৰ আবৰ্তত থকাৰ সময়তে এতিয়া চৰকাৰখনৰ এচাম বিধায়ক সাংবাদিকৰ বিৰুদ্ধেহে সোচ্চাৰ হৈ পৰা ঘটনাই চৰ্চাৰ বিষয় হৈ পৰিছে ৷

সভাই-সমিতিয়ে নিজৰ সমষ্টিৰ সমস্যাবোৰ সমাধানৰ প্ৰতিশ্ৰুতিৰে বক্তৃতাৰ ফুলজাৰি মাৰি ফুৰা এইচাম বিধায়কে সমষ্টিৰ আন সমস্যাৰ কথা বাদেই অতিকে গুৰুত্বপূৰ্ণ ৰাস্তা-ঘাটবোৰকে যাতায়াতৰ উপযোগী কৰি তুলিব নোৱাৰি সাংবাদিকৰ ওপৰতহে ক্ষোভ উজাৰিছে৷ কিছুদিনৰ পূৰ্বে তিনিচুকীয়াৰ এজন সাংবাদিকক স্থানীয় এজন বিধায়কে অপমানিত কৰাৰ প্ৰতিক্ৰিয়া পাৰ নৌহওঁতেই এইবাৰ অনুৰূপ কাৰ্যত লিপ্ত হ'ল বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা৷

যোৱা বুধবাৰে ধিঙৰ সমীপৰ ডুমডুমীয়াত অনুষ্ঠিত হোৱা এখন সভাত বিধায়িকাগৰাকী উপস্থিত থাকি ৰাইজৰ সন্মুখত দিয়া দীঘলীয়া ভাষণৰ মাজতে সাংবাদিকৰ প্ৰতি অসাংবিধানিক মন্তব্য আগবঢ়ায়৷ বিধায়িকাগৰাকীয়ে তেওঁৰ ভাষণত ''নীলা সাংবাদিকসকলক গা-পা ধুই বগা" হ’বলৈ আহ্বান জনায়।

প্ৰকৃততে বিধায়িকাগৰাকীৰ অকৰ্মণ্যতা সাংবাদিকে উদঙাই দিয়াৰ পৰিপ্ৰেক্ষিততে বিধায়িকাগৰাকী খৰ্গহস্ত হৈ সাংবাদিকৰ প্ৰতি তেনে মন্তব্য কৰি নিজকে ধোৱা তুলসীৰ পাত বুলি প্ৰতিপন্ন কৰিব বিচাৰিছে বুলি চৰ্চিত হৈছে।

সমষ্টিৰ উন্নয়ণেই তেওঁৰ প্ৰধান লক্ষ্য বুলি সততে ৰাইজৰ আগত কথাৰ ফুলজাৰি মৰা বিধায়িকা আঙুৰলতা ডেকাই নিজৰ ডেৰ বছৰীয়া কাৰ্যকালত সমষ্টি উন্নয়নত ব্যৰ্থতাৰ কথা সময়ে সময়ে সংবাদ মাধ্যমত প্ৰকাশিত হোৱাৰ বাবেই সাংবাদিকৰ ওপৰত খৰ্গহস্ত হৈ তেনেদৰে সাংবাদিকৰ প্ৰতি অপমানসূচক মন্তব্য কৰা বুলি সমষ্টিবাসীৰ একাংশ ভোটাৰে মত প্ৰকাশ কৰিছে ৷ বিধায়িকাগৰাকীৰ বক্তব্য প্ৰকৃততে ৰাজনৈতিক অপৰিপক্কতাক স্পষ্টৰূপত প্ৰতিফলিত কৰিছে বুলিও সমষ্টিৰ সচেতন লোকসকলে মত প্ৰকাশ কৰিছে ৷