প্ৰেমিকে ৰ'ডেৰে মৰিয়াই হত্যা কৰিলে প্ৰেমিকাক

ডিফুঃ পাহাৰীয়া জিলাৰ সদৰ ডিফুৰ সমীপৰ লাংচ' লিয়েটত এগৰাকী বিবাহিতা মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ডিফুৰ সমীপৱৰ্তী লাংচ' লিয়েটত উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ কৰ্মচাৰী মনোৰাম দাসৰ পত্নী নন্দা কৈনাক দাস যোৱা ২২ অক্টোবৰৰ নিশাৰ পৰা নিৰুদ্দেশ হয়৷ ঘটনা সন্দৰ্ভত মনোৰাম দাসে লাংচ' লিয়েট ৰেলৰ গেংমেন অৰবিন্দ কুমাৰৰ ওপৰত সন্দেহত ডিফু  থানাত এজাহাৰ দাখিল কৰে৷

ডিফু থানাই ১৬৯/ ১৭ নম্বৰত এক গোচৰ ৰুজু কৰি যোৱা নিশা মনোৰাম দাসৰ এজাহাৰৰ ভিত্তিত আটক কৰি কৰে ৷ থানাত আৰক্ষীৰ জেৰাত অৰবিন্দ কুমাৰে যোৱা ২২ অক্টোবৰৰ নিশা নন্দা কৈনাক দাসকৰ' মৰিয়াই হত্যা কৰি এটি নাদত পেলাই দিয়ে বুলি স্বীকাৰ কৰে৷ অৰবিন্দ কুমাৰে সাংবাদিক জানিব দিয়া মতে বিগত চাৰি বছৰ ধৰি দুয়োৰ মাজত অবৈধ প্ৰেমৰ সম্পৰ্ক চলি আছিল৷ যোৱা ২২ অক্টোবৰৰ নিশা প্ৰেমিকা নন্দা কৈনাক দাসে তেওৰ কোৱাৰ্টাৰত আহি তাইক বিয়া কৰোৱাৰ বাবে বল পূৰ্বক হেঁচা প্ৰয়োগ কৰাত তেওঁ প্ৰেমিকা নন্দা কৈনাক দাসক ৰডেৰে মৰিয়াই হত্যা কৰি এনেদৰে নাদত পেলাই দিয়ে ৷

অৰবিন্দ কুমাৰৰ স্বীকাৰোক্তিৰ ভিত্তিত ডিফু থানাৰ অ’চি দিপেন দাস, তদন্তকাৰী বিষয়া ৰঞ্জিত ৰাজখোৱা, এছডিআৰএফৰ জোৱান, বৰলাংফাৰ আৰক্ষীৰ সহযোগত ডিফু আদালতৰ কাৰ্যবাহী দণ্ডাধীশ দেৱাশীষ বৰাৰ উপস্থিতিত আজি সন্ধিয়া অৰবিন্দৰ ঘৰৰ কাষৰ এটি কুঁৱাৰ পৰা নন্দা কৈনাক দাসৰ বস্ত্ৰহীন মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ কালিলৈ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰা হ'ব বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ৷ নন্দা কৈনাক দাসে নিজ স্বামীৰ অজ্ঞাতে স্বামীৰ ৰেলৱে চাকৰি থকাৰ পিছতো নিজ চাৰিবছৰীয়া দেৱ শিশুৰ দৰে সন্তানৰ মোহ এৰি প্ৰেমিকৰ সৈতে সংসাৰ কৰিবলৈ গৈয়েই প্ৰেমিকৰ ৰোষৰ বলি হৈ কৰুণ ভাবে নিজ প্ৰাণ বিসৰ্জণ দিব লগীয়া হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷