পৰীক্ষা ব্যৱস্থাত সংস্কাৰৰ প্ৰয়োজন, বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহত সমুজ্জ্বল

চামগুৰিঃ এখন শিক্ষানুষ্ঠানৰ সোণালী জয়ন্তীত উপস্থিত হ'বলৈ পোৱাটো সৌভাগ্যৰ কথা৷ এনেধৰণৰ অনুষ্ঠানত জড়িত হ'বলৈ পাই মই নিজকে ধন্য মানিছো৷ এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ৷ আজি পুৰণিগুদাম ড০ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহত বিয়লি অনুষ্ঠিত মুকলি সভাত উপস্থিত থাকি ড০ ভট্টাচাৰ্যই আৰু কয়, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাক বাদ দি ছাত্ৰ সমাজ সম্পূৰ্ণ নহয়৷

কিয়নো অসমৰ মাটিত ছাত্ৰ সংগঠন প্ৰথম গঠন হৈছিল আৰু ইয়াৰ সভাপতি আছিল ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা৷ এইক্ষেত্ৰত আমি লক্ষ্মীনাথ বেজবৰুৱাক স্মৰণ কৰিব লাগিব৷ ড০ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ে অসমৰ জাতীয় জীৱনক বহুত দিলে৷ এই মহাবিদ্যালয়ত পঢ়া ছাত্ৰ-ছাত্ৰীসকল অসমৰ জাতীয় জীৱনত পোহৰ দিব পৰা একো একোটা তৰা হওঁক৷ এক দীঘলীয়া ভাষণত ড০ ভট্টাচাৰ্যই আৰু কয়, অসমৰ শিক্ষা ব্যৱস্থাত ৰাজনৈতিক হেঁচা থাকিব নালাগে৷ ছেৱা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দৰে অনুষ্ঠান ৰাজনৈতিক পাকচক্ৰৰ পৰা আঁতৰাই আনি উপাচাৰ্যৰ দৰে ব্যক্তিৰ নেতৃত্বত গঠনত কৰি স্বতন্ত্ৰ ভাৱে চলাৰ চেষ্টা কৰিলে অসমৰ শিক্ষা ব্যৱস্থাৰ সংস্কাৰ হ'ব পাৰে৷

অসমৰ পৰীক্ষা ব্যৱস্থাত সংস্কাৰ লাগে বুলি উল্লেখ কৰি ভট্টাচাৰ্যই পাঠ্যক্ৰমৰো সঘন পৰিবৰ্তন হ'ব লাগে বুলি কয়৷ ড০ ভট্টাচাৰ্য্যই লগতে কয়, ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষা ব্যৱস্থাত খোজ মিলাবলৈ মাৰ্কচিটৰ বাবে অসমৰ ছাত্ৰ-ছাত্ৰী অসুবিধাত পৰা দেখা গৈছে৷ এইক্ষেত্ৰত পৰীক্ষা বহীত নম্বৰ দিয়াৰ পদ্ধতিৰ পুনৰ আলোচনা হোৱা প্ৰয়োজন বুলি ড০ ভট্টাচাৰ্যই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়৷ আছুৰ মুখ্য উপদেষ্টা গৰাকীয়ে আৰু কয়, আমাৰ ছাত্ৰ- ছাত্ৰীসকলক উচ্চ শিক্ষাৰ সুবিধা দিব লাগিব নহলে অসমত সামাজিক অস্থিৰতা আহিব৷ পঞ্চাশ বছৰ গৰকা মহাবিদ্যালয় আৰ্দশ মহাবিদ্যালয় হিচাপে গঢ়িবলৈ ৰজাঘৰীয়াক আহ্বান জনায় তেঁও কয় পঞ্চাশ বছৰ গৰকা মহাবিদ্যালয়ক আৰ্দশ বিদ্যালয় হিচাপে গঢ়ি তুলিবলৈ চৰকাৰে কৃপনালি কৰিব নালাগিব৷

আমাৰ ছাত্ৰ ছাত্ৰী সকল ভাল, ছাত্ৰ-ছাত্ৰীসকলক চৰকাৰে সুবিধা দিব লাগিব৷ সমগ্ৰ অসমৰ মহাবিদ্যালয়ত পাঁছশ শিক্ষকৰ পদ খালি আছে৷ মহাবিদ্যালয়ত শিক্ষক দিব লাগিব৷ চৰকাৰে মহাবিদ্যালয়ৰ শিক্ষকৰ পদসমূহ নিয়মীয়া কৰিব লাগে আৰু মহাবিদ্যালয় সমুহৰ পদ সমুহত নিযুক্তি দিব লাগে৷ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হিতেশ্বৰ লস্কৰৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত উপস্থিত থাকি অসম চৰকাৰৰ জলসম্পদ আৰু বিজ্ঞান প্ৰযুক্তিবিদ্যা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই কয়, অসমৰ ভিতৰতেই ঐতিহ্যৰে ভৰপূৰ অঞ্চল নগাঁৱৰ পুৰণিগুদাম৷ এই ঐতিহ্য বৰ্তাই ৰখা দায়িত্ব আমাৰ৷

গ্ৰন্থ সম্পৰ্কে উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয়, এইখন সভাত চাৰিখনকৈ মূল্যবান গ্ৰন্থ উন্মোচন হোৱাটো এক শুভ লক্ষণ৷ কিতাপ প্ৰকাশ কৰাটো স্থায়ী কাম৷ এই কামে বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহক সোণতে সুৱগা চৰাইছে৷ বিশেষকৈ সোণালী জয়ন্তী উৎসৱ উপলক্ষে অধ্যাপক সোমনাথ বৰাৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা "সোণালী সফুঁৰা" নামৰ স্মৃতি গ্ৰন্থখনে পঞ্চাশ বছৰীয়া শিক্ষা জগতৰ সামাজিক-সাংস্কৃতিক জীৱনৰ পথ প্ৰশস্ত কৰিছে৷ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক বিপুল চক্ৰৱৰ্তীয়ে আঁত ধৰা সভাখনত মন্ত্ৰী গৰাকীয়ে কলং পুনৰ বোঁৱতী কৰি ৰাখিম বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে৷

উক্ত সভাত নগাওঁ জিলাৰ আৰক্ষী অধীক্ষক দেৱৰাজ উপ্যাধায়ে মনোজ্ঞ ভাষণ আগবঢ়োৱাৰ লগতে সভাত সম্বৰ্ধিত বৰ্ষীয়াণ শিক্ষাবিদ পূৰ্ণ চন্দ্ৰ গায়নে ভাষণ প্ৰসংগত কয় আমি ওৰেটো জীৱন মানুহ গঢ়া কাৰখানাৰ শ্ৰমিক আছিলো৷ শ্ৰমিক হিচাপে আমি কি কৰিছিলো সেইটো আমি ক'ব নোৱাৰিম যদিও ছাত্ৰ-ছাত্ৰী সকলক এটা কথা কওঁ, মনত শ্ৰদ্ধা ভক্তি নাথাকিলে মেধা শক্তিয়ে কোনো কাম নিদিয়ে বুলি তেখেত উল্লেখনীয় মন্তব্য আগবঢ়ায়৷ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা সোণালী জয়ন্তী সমাৰোহৰ প্ৰধান সম্পাদক ড০ ভূপেন শইকীয়াই সভাত সম্পাদকৰ প্ৰতিবেদন পাঠ কৰা গাম্ভীৰ্যপূৰ্ণ মুকলি সভাত শিক্ষাবিদ শৰৎ চন্দ্ৰ খাউণ্ড, পুলিন হাজৰিকা, ড০ নকুল চন্দ্ৰ শৰ্মা, আব্দুল হাছেম, যতীন শৰ্মাৰ উপৰিও সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়া মণি মাধৱ মহন্ত উপস্থিত থাকে৷

আজিৰ মুকলি সভাতেই সোণালী জয়ন্তী উপলক্ষে প্ৰকাশ কৰি উলিওৱা "স্মৃতিগ্ৰন্থ" আৰু তিনিখন গ্ৰন্থ ৰাজ্য চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তই উন্মোচন কৰে৷ লগতে আজিৰ সভাত সদৌ অসম ছাত্ৰ সন্থাই মহাবিদ্যালয়ৰ অধ্যক্ষৰ হাতত মহাবিদ্যালয়লৈ কেইবাখনো গ্ৰন্থ উপহাৰ দিয়ে৷ স্মৰ্তব্য যে, ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তই সভাত বিশেষ কাৰণত উপস্থিত থাকিব নোৱাৰি এক লিখিত বাৰ্তা সভালৈ প্ৰেৰণ কৰাৰ উপৰিও বিধায়ক পুঁজিৰ পৰা পাঁছ লাখ টকাৰ আৰ্থিক অনুদান মহাবিদ্যালয়ৰ আন্তঃগাঁঠনিৰ উন্নয়নৰ বাবে আগবঢ়ায়৷

উল্লেখ্য যে, আজি পুৱাৰ ভাগত মহাবিদ্যালয়ৰ চৌহদত বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ন কৰে সামাজিক বনানিকৰণ বিভাগৰ নগাওঁ জিলা বন বিষয়া ডিম্পী বৰাই৷ নিশালৈ অনুষ্ঠিত হোৱা মূল সাংস্কৃতিক অনুষ্ঠানত বন্তি প্ৰজ্বলন আৰু সাংস্কৃতিক অনুষ্ঠান শুভ উদ্ধোধন কৰে বিশিষ্ট শিল্পী লোকনাথ গোস্বামীয়ে৷ শিল্পী গোস্বামীয়ে কেবাটাও কালজয়ী গীত পৰিবেশন কৰি উপস্থিত ৰাইজক মন্ত্ৰমুগ্ধ কৰে৷ ইয়াৰ পাছতে  জনপ্ৰিয় কন্ঠশিল্পী জুবলি বৰুৱাই সাংস্কৃতিক অনুষ্ঠানত গীত পৰিবেশন কৰি শ্ৰোতা দৰ্শকক আপ্লুত কৰে৷ যোৱা ২৫ অক্টোবৰৰ পৰা তিনিদিনীয়া বাৰেবৰণীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা পুৰণিগুদাম ড০ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ সামৰণি পৰাত মহাবিদ্যালয়ৰ চৌহদ নিজম পৰে৷