
শিমলুগুৰিঃ বৃহত্তৰ নাগালিমক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়া চলি থকাৰ সমান্তৰাল ভাৱে নাগা বিদ্ৰোহী সংগঠন এন এচ চি এন আই এমৰ উপদ্ৰৱ অব্যাহত আছে অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল সমুহত৷ নাগালিমৰ দাবীৰে NSCN-এ যি মানচিত্ৰ প্ৰস্তুত কৰিছে তাত শিৱসাগৰ, গোলাঘাট, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া আদিকে ধৰি অসমৰ বহুকেইখন জিলাৰ মাটিকালি অন্তৰ্ভুক্ত হৈ আছে।
কোনো কাৰণতে অসমৰ মাটি এৰি দিয়া নহব বুলি দল সংগঠনে দাবী কৰি থকাৰ সময়তে নগাৰ দপদপনি বৃদ্ধি পাবলৈ ধৰিছে অসমৰ ভূমিত৷ কেন্দ্ৰীয় চৰকাৰে নাগালিমত চৰাইদেউ জিলাকে ধৰি অসমৰ দহখন জিলাৰ বৃহৎ এলেকাৰ ভূমিক সামৰি মানচিত্ৰ প্ৰকাশ কৰাৰ পাছত নগা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট কাৰ্যকৰী নোহোৱাৰ পূৰ্বেই পুনৰ নগাৰ দপদপনি বৃদ্ধি পাইছে অসম নাগালেণ্ড সীমান্তত।
শিৱসাগৰ জিলাৰ নাজিৰ মহকুমাৰ অসম নাগালেণ্ড সীমান্তবৰ্তী বিহুবৰ ঔগুৰি জান অঞ্চল নাগালেণ্ডৰ অন্তৰ্ভুক্ত কৰি অঞ্চলটোত বসবাস কৰা বাসিন্দা তথা সৰু-বৰ ব্যৱসায়ীলৈ বছৰেকীয়া কৰ সংগ্ৰহৰ দাবী পত্ৰ প্ৰেৰণ কৰিছে।
OFFICE OF THE RAZOU PIYU WANGYONG RANG(GPRN)ৰ পেদত প্ৰতিঘৰ বাসিন্দাৰ পৰা ৫০০ টকা, প্ৰতিটো ৱৰ্কশ্বপৰ পৰা ২০০০ টকা, সৰু পাণ দোকানৰ পৰা ৫০০ টকা, সাধাৰণ দোকাণৰ পৰা ৩০০০ টকা আৰু প্ৰতি খন হোটেলৰ পৰা ৫০০০ টকা ২৭ অক্টোবৰৰ পূৰ্বে জমা দিবলৈ দাবী কৰিছে।
উল্লেখ্য যে একাংশ নগা দুষ্কৃতিকাৰীয়ে সীমান্তৱৰ্তী বিহুবৰ ঔগুৰি জানত চাহ বাগিচা কাটি তহিলং কৰাৰ লগতে চাহ গছ সমুহত অগ্নি সংযোগ কৰি সন্ত্ৰাস চলাই আহিছে। কিন্তু ইমানৰ পিছতো প্ৰশাসনৰ কোনো লোক উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰি স্থানীয় লোক আৰু দল সংগঠনে আধা ইঞ্চি মাটিও নাগালেণ্ডক এৰি নিদিয়াৰ হুংকাৰ প্ৰদান কৰে।