
বোকাজানঃ তাহানিৰ বৰ অসম ভাগ ভাগ হৈ সাত ভনী হ’ল৷ বৰ অসমৰ নগা ভাই সকল একালত আমাৰ পৰা পৰা আঁতৰি সুকীয়া ৰাজ্য গঠন কৰিলে৷ তাৰ পিছতো বৰ অসমৰ অংগ নগাসকলে আত্ম-নিয়ন্ত্ৰণৰ অধিকাৰৰ বাবে বিগত বছৰ বছৰ ধৰি ৰাষ্ট্ৰৰ বিপক্ষে সংগ্ৰাম কৰি আহিছে৷ হাতত অস্ত্ৰ লৈ কৰি অহা সংগ্ৰামৰ জড়িয়তে নগা জাতিয়ে দাবী কৰি আহিছে এখন ৰাষ্ট্ৰ৷
এই সংগ্ৰামক ভাৰত চৰকাৰে সন্মান জনাই ইতিমধ্যে আলোচনা কৰিছে৷ কিন্তু এই সংগ্ৰামে অৱশেষত ক্ষতি কৰিব পাৰে অসমক৷ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে কোনো এখন ৰাজ্যৰ লোকৰ সৈতে আলোচনাত নবহি নিশাৰ ভিতৰতে স্বাক্ষৰ কৰিছিল এখন চুক্তিৰ৷ এই চুক্তিয়ে এতিয়া অসমৰ মানুহক শংকিত কৰি তুলিছে৷ আকৌ এবাৰ অসমীয়াক ৰাজ পথলৈ ওলাই আহিবলৈ বাধ্য কৰালে দিল্লীয়ে৷

এই চুক্তিয়ে অসমত সৃষ্টি কৰিব পাৰে অনাকাংক্ষিত পৰিস্থিতিৰ৷ কিয়নো কেন্দ্ৰীয় চৰকাৰে অন্ধকাৰত ৰাখি সম্পাদনা কৰিছে ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট৷ ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট তথা সম্প্ৰতি প্ৰচাৰ মতে তাত অসমৰ স্বাৰ্থৰ কথা জড়িত হৈ পৰিব এয়া স্পষ্ট৷ এই বিষয়টো ক্ৰমান্বয়ে অতি স্পৰ্শকাতৰ হৈ পৰিছে বুলিও ধাৰণা কৰিব পাৰি৷ এই চুক্তিখন সম্পাদন কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰক সবিশেষ অৱগত নকৰোৱাৰ লগতে জড়িত নকৰাটো দুৰ্ভাগ্যজনক বিষয় বুলি ইতিমধ্য চৰ্চিত হৈছে৷
ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট চুক্তিত বৃহত্তৰ নাগালিম গঠনৰ কথা মানি লোৱা বুলি NSCN পক্ষই সদৰী কৰিছে সেয়া যদি হয় তেন্তে অসমৰ ভূমি নাগালিমলৈ যোৱাটো খাতাং৷ যাৰ ফল পুনৰ ৰাজপথলৈ ওলাই আহি জল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ তাৰ মাজতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে শুকুৰবাৰে ৰাজ্যজুৰি জোঁৰ সমদল উলিয়াই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ আনহাতে সংগঠনটোৱে ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সকীয়নি প্ৰদান কৰে৷ অসমৰ সীমাৰ ভিতৰৰ এক ইঞ্চি মাটিও বৃহত্তৰ নাগালিমৰ অন্তৰ্ভুক্ত কৰিবলৈ দিয়া নহব বুল হুংকাৰ দিয়ে যুৱ ছাত্ৰই।

অসম চৰকাৰলৈ নাগালিম সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰা গোপন পত্ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৰাজহুৱা কৰিবলৈ দাবী জনায় সংগঠনটোৱে। নাগালিমৰ দাবীৰে NSCN-এ যি মানচিত্ৰ প্ৰস্তুত কৰিছে তাত শিৱসাগৰ, গোলাঘাট, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া আদিকে ধৰি অসমৰ বহুকেইখন জিলাৰ মাটিকালি অন্তৰ্ভুক্ত হৈ আছে। কোনো কাৰণতে অসমৰ মাটি এৰি দিয়া নহব। অসমৰ মাটি যেনেকৈ বাংলাদেশক দিয়া হ'ল থিক তেনেকৈ অসমৰ মাটিও নাগালেণ্ডক দিবৰ কাৰণে অসম-ভাৰত চৰকাৰে ষড়যন্ত্ৰ ৰচনা কৰা বুলি অভিযোগ উত্থাপন কৰে সংগঠনটোৱে।
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে ঘোষণা কৰা জোঁৰ সমদল কাৰ্যসূচী সমগ্ৰ ৰাজ্যৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলংত যুৱ-ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিয়ে বোকাজান মহকুমাৰ শান্তিপুৰত এক বৃহৎ জোঁৰ সমদল উলিয়াই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ বৰপথাৰ আৰু বোকাজান আঞ্চলিক সমিতিয়ে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বোকাজানৰ শান্তিপুৰত কাৰ্বি ছাত্ৰ সন্থা, অসম চাহ জনজাতি ছাত্ৰ সন্থা, এছ ৱাই চি আদি সংগঠনৰ সহযোগত সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট চুক্তিৰ বিৰুদ্ধে৷

প্ৰায় শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰা জোঁৰ সমদলত প্ৰতিবাদকাৰীসকলে হাতে হাতে জুমুঠি লৈ কেন্দ্ৰীয় চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোডী গ'বেক, সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰ গ'বেক, তেজ দিম মাটি নিদিও, নগা-ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট শীঘ্ৰেই ৰাজহুৱা কৰক আদি প্ৰতিবাদী শ্ল'গানেৰে শান্তিপুৰৰ আকাশ বতাহ কঁপাই তোলে৷ বৰপথাৰ-শান্তিপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা উলিওৱা জোৰ সমদল সমগ্ৰ শান্তিপুৰ অঞ্চল পৰিভ্ৰমণ কৰি পুনৰ বিদ্যালয়ৰ খেলপথাৰত কাৰ্যসূচীৰ অন্ত পেলায়৷
যুৱ-ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি জিতু ফুকনৰ লগতে বৰপথাৰ আঞ্চলিক সমিতিৰ সভাপতি যদু শইকীয়া আৰু সাধাৰণ সম্পাদক প্ৰবিত্ৰ প্ৰাণ বৰাই কেন্দ্ৰীয় চৰকাৰ আৰু এনএচচিএন (আইএম)ৰ মাজত স্বাক্ষৰিত চুক্তি মৰ্মে বৃহত্তৰ নাগালিমত কাৰ্বি আংলংৰ লগতে ডিমা হাছাও, শিৱসাগৰ, যোৰহাট, গোলাঘাট আদি জিলাৰ বৃহৎ ভূমি নাগালিমত সোমাই পৰিব৷
কেন্দ্ৰীয় চৰকাৰে অসমৰ এক বৃহৎ ভূমি বৃহত্তৰ নাগালিমত অন্তৰ্ভুক্ত কৰিবৰ বাবে যি ষড়যন্ত্ৰত লিপ্ত হৈছে তাক প্ৰতিৰোধ কৰাৰ লগতে অসমৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ সকলো খিলঞ্জীয়া লোক মাৰবান্ধি ওলাই আহিবলৈ নেতা কেইগৰাকীয়ে ৰাইজলৈ আহ্বান জনায়৷ স্মৰ্তব্য যে, দল-সংগঠনে তীব্ৰ প্ৰতিবাদৰ মাজতে অসম-নাগালেণ্ড সীমান্তত যিকোনো সময়ত অগ্নিগৰ্ভা পৰিস্থিতৰ সৃষ্টি হোৱাৰ আশংকা কৰিছে ৰাইজে৷ কিয়নো ইতিমধ্যে নগা বিদ্ৰোহীয়ে অসমৰ ভূমিত থিতাপি লোৱাৰ লগতে ধনদাবী কাৰ্য অব্যহত ৰাখিছে৷ চৰাইদেউত তিনিগৰাকী নগা লোকে যুৱকক অস্ত্ৰ সহিতে আটক কৰাৰ লগতে শিৱসাগৰৰ শিমলুগুৰি অঞ্চলত নগাই সৰু-বৰ দোকানীৰ পৰা ধন দাবী দিয়া কাৰ্য আৰম্ভ কৰি অসমৰ ভূমিত দপ-দপাবলৈ আৰম্ভ কৰিছে৷