কোকৰাঝাৰত বিজ্ঞান সমাৰোহত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

কোকাৰাঝাৰঃ কোকৰাঝাৰত যোৱা ২৫ অক্টোবৰৰ পৰা অনুষ্ঠিত হোৱা ২৫সংখ্যক ৰাজ্যিক শিশু সমাৰোহ আৰু ৰূপালী জয়ন্তী উদযাপনৰ শনিবাৰে অন্তিম দিন৷ ২৫ তম ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ ৰাজ্যিক ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

যোৱা ২৫ অক্টোবৰৰ পৰা কোকৰাঝাৰত আৰম্ভ হৈছিল ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ ৰাজ্যিক সমাৰোহ। ৩৩ খন জিলাৰ পৰা ২৫১টা  প্ৰজেক্ট দাখিল কৰে শিশু বিজ্ঞানীসকলে। ২৫১ টা প্ৰকল্পৰ ভিতৰত ২৬ টা প্ৰকল্প নিৰ্বাচিত।

গুজৰাটত ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হবলগা শিশু বিজ্ঞান সমাৰোহত ৰাজ্যিক পৰ্যায়ত নিৰ্বাচন হোৱা উক্ত ২৬ টা প্ৰকল্পই প্ৰতিনিধিত্ব কৰিব। কোকৰাঝাৰত অনুষ্ঠিত হোৱা ৰাজ্যিক সমাৰোহত দুগৰাকী শিশু বিজ্ঞানীক শ্ৰেষ্ঠতাৰ ভিত্তিত বঁটা প্ৰদান। অনুষ্ঠানত হাগ্ৰামা মহিলাৰী, প্ৰমিলাৰাণী ব্ৰহ্ম, খাম্পা বৰগয়াৰীও উপস্থিত থাকে