ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট, মুখ্যমন্ত্ৰীক শীঘ্ৰে স্থিতি স্পষ্ট কৰাৰ দাবী চাৰি সংগঠনৰ

ডিব্ৰুগড়ঃ উত্তৰ পুৰ্বাঞ্চলৰ প্ৰতিটো জনগোষ্ঠী তাহানি সমিলমিলেৰে একেলগে আছিল৷ তাহানি একেখন অসমতে বাস কৰিছিল৷ তাহানিৰ বৰ অসম ভাগ ভাগ হৈ সাত ভনী হ’ল৷ বৰ অসমৰ নগা ভাই সকল একালত আমাৰ পৰা পৰা আঁতৰি সুকীয়া ৰাজ্য গঠন কৰিলে৷ তাৰ পিছতো বৰ অসমৰ অংগ নগাসকলে আত্ম-নিয়ন্ত্ৰণৰ অধিকাৰৰ বাবে বিগত বছৰ বছৰ ধৰি ৰাষ্ট্ৰৰ বিপক্ষে সংগ্ৰাম কৰি আহিছে৷

হাতত অস্ত্ৰ লৈ কৰি অহা সংগ্ৰামৰ জড়িয়তে নগা জাতিয়ে দাবী কৰি আহিছে এখন ৰাষ্ট্ৰ৷ সুকীয়া ৰাষ্ট্ৰৰ দাবীত ৰক্তাক্ত বিদ্ৰোহ কৰাৰ অন্তত অগ্নিগৰ্ভা হৈ পৰে নাগালেণ্ড৷ এই সংগ্ৰামক ভাৰত চৰকাৰে সন্মান জনাই ইতিমধ্যে আলোচনা কৰিছে৷ কিন্তু এই সংগ্ৰামে অৱশেষত ক্ষতি কৰিব পাৰে অসমক৷ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে কোনো এখন ৰাজ্যৰ লোকৰ সৈতে আলোচনাত নবহি নিশাৰ ভিতৰতে স্বাক্ষৰ কৰিছিল এখন চুক্তিৰ৷ এই চুক্তিয়ে এতিয়া অসমৰ মানুহক শংকিত কৰি তুলিছে৷

আকৌ এবাৰ অসমীয়াক ৰাজ পথলৈ ওলাই আহিবলৈ বাধ্য কৰালে দিল্লীয়ে৷ এই চুক্তিয়ে অসমত সৃষ্টি কৰিব পাৰে অনাকাংক্ষিত পৰিস্থিতিৰ৷ কিয়নো কেন্দ্ৰীয় চৰকাৰে অন্ধকাৰত ৰাখি সম্পাদনা কৰিছে ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট৷ ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট তথা সম্প্ৰতি প্ৰচাৰ মতে তাত অসমৰ স্বাৰ্থৰ কথা জড়িত হৈ পৰিব এয়া স্পষ্ট৷ এই বিষয়টো ক্ৰমান্বয়ে অতি স্পৰ্শকাতৰ হৈ পৰিছে বুলিও ধাৰণা কৰিব পাৰি৷

এই চুক্তিখন সম্পাদন কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰক সবিশেষ অৱগত নকৰোৱাৰ লগতে জড়িত নকৰাটো দুৰ্ভাগ্যজনক বিষয় বুলি ইতিমধ্য চৰ্চিত হৈছে৷ ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট চুক্তিত বৃহত্তৰ নাগালিম গঠনৰ কথা মানি লোৱা বুলি NSCN পক্ষই সদৰী কৰিছে সেয়া যদি হয় তেন্তে অসমৰ ভূমি নাগালিমলৈ যোৱাটো খাতাং৷ যাৰ ফল পুনৰ ৰাজপথলৈ ওলাই আহিল দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ দল-সংগঠনে ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সকীয়নি প্ৰদান কৰে চৰকাৰক৷

অসমৰ সীমাৰ ভিতৰৰ এক ইঞ্চি মাটিও বৃহত্তৰ নাগালিমৰ অন্তৰ্ভুক্ত কৰিবলৈ দিয়া নহব বুল হুংকাৰ দিয়ে দল-সংগঠনে৷ অসম চৰকাৰলৈ নাগালিম সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰা গোপন পত্ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৰাজহুৱা কৰিবলৈ দাবী জনায় দল-সংগঠনে। নাগালিমৰ দাবীৰে NSCN-এ যি মানচিত্ৰ প্ৰস্তুত কৰিছে তাত শিৱসাগৰ, গোলাঘাট, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া আদিকে ধৰি অসমৰ বহুকেইখন জিলাৰ মাটিকালি অন্তৰ্ভুক্ত হৈ আছে। কোনো কাৰণতে অসমৰ মাটি এৰি দিয়া নহব।

অসমৰ মাটি যেনেকৈ বাংলাদেশক দিয়া হ'ল থিক তেনেকৈ অসমৰ মাটিও নাগালেণ্ডক দিবৰ কাৰণে অসম-ভাৰত চৰকাৰে ষড়যন্ত্ৰ ৰচনা কৰা বুলি অভিযোগ উত্থাপন কৰে দল-সংগঠনে। ইয়াৰ মাজতে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক উদয়ন কুমাৰ গগৈ, সদৌ অসম মটক যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱা, সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়নৰ ডিব্ৰুগড় জিলা সমিতি সভাপতি ইমতিয়াজ অালীয়ে ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷

সুকীয়া সুকীয়া বিবৃতিত যোগে সংগঠনকেইটাই ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট ৰাজহুৱা কৰা দাবী জনোৱাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অসমৰ মাটিক লৈ ৰাজনীতি নকৰিবলৈ সকীয়নি প্ৰদান কৰে৷ একেদৰে মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে যদি অসমৰ মাটি সুৰক্ষিত কৰিব নোৱাৰে তেন্তে মুখ্যমন্ত্রী পদৰ পৰা পদত্যাগ কৰাৰ দাবী জনায়৷ অানহাতে সংগঠনকেইটাই জাতি-মাটি-ভেটি ৰক্ষাৰ শ্ল'গান দিয়া বিজেপি চৰকাৰে ক্ষমতাত অধিষ্ঠিত হৈয়ে ওলোটা খৰ মাৰিবলৈ অাৰম্ভ কৰা বুলি কয়৷

লোকসভা-বিধান সভাৰ নিৰ্বাচনৰ পূৰ্বে বাংলাদেশীক বিতাড়ন কৰা হ'ব বুলি প্ৰতিশ্রুতি দিয়া প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডী অাৰু মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে বাংলাদেশী খেদা দূৰৰ কথা হিন্দু বাংলাদেশী আনিবলৈ হে যোজা চলাই আহিছে বুলি কয়৷ অসমৰ হাজাৰ হাজাৰ হেক্টৰ মাটি গতাবলৈ তেওঁলোকে এন এছ চি এন (অাইএম)ৰ সৈতে ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট কৰিছে৷ অসমবাসীক অন্ধকাৰত ৰাখি কৰা ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট মানি লোৱা নহৱ৷ এই সন্দৰ্ভত মুখ্যমন্ত্রীয়ে ৰাজ্য চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী জনায়৷

কোনো কাৰণতে বৃহওৰ নাগালিমত অসমৰ এক ইঞ্চি মাটিও সোমাবলৈ দিয়া নহ'ৱ বুলি উল্লেখ কৰি নেতাকেইজনে কেন্দ্ৰীয় চৰকাৰে নগা অাৰু অসমীয়া মাজত সংঘাত সৃষ্টি কৰি কৌটিকলীয়া স্নেহৰ এনাজৰীডাল ছিঙি দিবলৈ কুটিল চত্রুান্ত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ নগাসকলৰ ৰাজনৈতিক-অৰ্থনৈতিক দাবীৰ প্ৰতি সমৰ্থন অাছে, কিন্তু অসমৰ এক ইঞ্চি মাটিও এৰি দিবলৈ অসম জাতীয়তাবাদী যুৱ পৰিষদ, সদৌ অসম মটক যুৱ-ছাত্র পৰিষদ, সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়নে প্ৰস্তুত নহয়৷

মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল সৰ্বকালৰ মিছলীয়া মুখ্যমন্ত্রী হ'বগৈ অাছে বুলি কটাক্ষ কৰি কয়, জাতীয় নায়কৰ অাখ্যা পোৱা এইগৰাকী মুখ্যমন্ত্রীৰ দিনতে এতিয়া অসমৰ ভৌগোলিক মানচিত্র সলনি হবলৈ গৈ অাছে৷ ইয়াতকৈ অাৰু কি দুৰ্ভাগ্যৰ কথা কি হ'ব পাৰে৷ সৰ্বা-হিমন্ত দৰে নেতাই RSSৰ তৰ্জনীত উঠ-বহ কৰি অসমৰ জাতি অাৰু সম্পদ বিক্ৰী কৰিবলৈ তৎপৰতা অাৰম্ভ কৰিছে৷ তাক কেতিয়াও বাস্তৱায়িত হ'বলৈ দিয়া নহ'ব বুলি কয়৷