বালিপোতাত সুৰেন্দ্ৰ ডেকাক স্মৰণ

দলংঘাটঃ দৰং জিলাৰ বালিপোতাৰ বিশিষ্ট নাগৰিক প্ৰয়াত সুৰেন্দ্ৰ ডেকাক শনিবাৰে এখন স্মৃতি চাৰন সভা অনুষ্ঠিত কৰি ৰাইজে স্মৰণ কৰে৷ বিশিষ্ট নাগৰিক প্ৰয়াত সুৰেন্দ্ৰ ডেকাৰ যোৱা ১৮ অক্টোবৰত গুৱাহাটী মেডিকেল কলেজ হস্পিতালত মৃত্যু হয়৷

বালিপোতাৰ নিজা ঘৰত শনিবাৰে শতাধিক লোকে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে স্মৃতি চাৰন সভা অনুষ্ঠিত কৰে।

বালিপোতা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক অমৃত চন্দ্ৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰে সাংবাদিক দিগন্ত কুমাৰ শৰ্মা, শংকৰ সংঘৰ মধ্য মঙলদৈ আঞ্চলিক শাখাৰ প্ৰাক্তন সম্পাদক চন্দ্ৰ কুমাৰ, প্ৰধান শিক্ষক জুলফিক্কৰ আলি, শংকৰ সংঘৰ মধ্য মঙলদৈ আঞ্চলিক শাখাৰ শিক্ষা সমিতিৰ সভাপতি ফুকন চহৰীয়া, সমাজকৰ্মী ক্ষিতীন্দ্ৰ কুমাৰ শৰ্মাই।

সাংবাদিক অজয় ডেকাৰ সম্পাদনাত প্ৰকাশিত 'স্মৃতি অঞ্জলি' স্মৰনিকা খন উন্মোচন কৰে অৱসৰ প্ৰাপ্ত শিক্ষক দ্বীপেন্দ্ৰ শৰ্মাই।