বঙাইগাঁৱত শ-শ বিঘা কৃষি ভূমি বিনষ্ট কৰিছে শোৰপোকে, শুই আছে কৃষি বিষয়া

অভয়াপুৰীঃ ৰাজ্যৰ কেইবাখনো জিলাত শুৰ পোকে খেতি পথাৰ নষ্ট কৰাৰ লগতে বঙাইগাঁৱৰ অভয়াপুৰীতো কৃষি পথাৰ নষ্ট কৰিছে শুৰপোকে৷ ধানখেতিত চৰহা পোক নামৰ কাঁইটীয়া গুৱৰুৱা জাতীয় মাৰাত্মক কীটে সেউজীয়া পথাৰৰ দুখ লগা অৱস্থাৰ পৰিবেশৰ সৃষ্টি হৈছে৷ ধানৰ গছবোৰ হালধীয়া পৰাৰ লগতে জহি গৈছে৷ উপদ্ৰৱৰ ফলত ৰাজ্যখনত বছৰ বছৰ ধৰি কৃষিৰ উৎপাদন কমি আহিছে৷

তাৰ মাজতে চৰহা পোকৰ এনে তাণ্ডৱৰ ফলত গেঁৰ ধৰা ধান নষ্ট হৈ গৈছে৷ সাধাৰণতে কঠিয়া নতুবা কোমল ধানৰ পাতত এনে পোকে আক্ৰমণ কৰে যদিও এইবেলি শোৰপোকে গেঁৰ ধৰা তথা কাটিবলৈ সময় হোৱা ধানত আক্ৰমণ কৰাত খেতিয়কৰ মাজত হাহাকাৰ লাগে৷ বাৰিষাৰ কালছোৱা প্ৰলয়ংকাৰী বানপানীৰ পিছত অতি কষ্টৰে কঠিয়া কিনি খেতি কৰা খেতিয়কসকলক শুৰপোকে ব্যাপক ক্ষতি কৰে৷

বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত অভয়াপুৰীৰ সমীপৰ পাৰেৰচৰ, জানেৰমুখ, ডুমেৰগুৰী গাঁৱত বানে ধোৱা খেতি পথাৰত হাজাৰ হাজাৰ বিঘা ভূমিত এতিয়া শুৰপোকে সন্ত্ৰাস চলােৱাৰ ফলত দিশহাৰা হৈ পৰিছে কৃষক। বড়িগাঁও, লেংটিছিঙা, ডুমেৰগুৰী গাঁও পঞ্চায়তৰ পাৰেৰচৰ, ডুমেৰগুৰী, জানেৰমুখ আদিকে ধৰি কেইবাখনো গাঁৱত প্ৰলয়ংকাৰী বানৰ পিছত কৃষকে মুৰৰ ঘাম মাটিত পেলাই শালিধানৰ খেতি কৰিছিল যদিও পোকৰ উপদ্ৰৱত মুৰে কপালে হাত দিবলগীয়া হৈছে। সাধাৰণতে বিঘাই প্ৰতি ১০/১৫ মোন ধান উৎপাদন হয়।

কিন্তু শুৰপোকে পক ধৰা শিহ নষ্ট কৰাত যথেষ্ট ক্ষতিৰ সন্মুখীন হয়। উত্তৰ শালমাৰা মহকুমাৰ প্ৰায় পাঁচ হাজাৰ বিঘা ভূমিৰ ধাননি পথাৰত এই পোকে আক্ৰমণ কৰিছে। ইতিমধ্যে প্ৰায় ৫০০বিঘা পকা ধান সম্পূৰ্ণ নষ্ট হোৱাত কৃষক মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ধাননি পথাৰ পোকৰ পৰা ৰক্ষা পাবলৈ কৃষক সকলে বজাৰৰ পৰা শ্ৰীৰামক্লৰপাইফচ আৰু ছাইপাৰমেথৰিন জাতীয় ঔষধ ব্যৱহাৰ কৰিছে যদিও সুফল পোৱা নাই। বিশেষকৈ নিশা এই পোক সমূহ জাকে জাকেৱ পোকে ধান গছত পৰি শিহ কাটি পেলায়।

ধান বোৰ চপাবলৈ মাত্ৰ ১০/১৫ দিন মান বাকী থকা সময়তে এনেদৰে শুৰ পোকে ক্ষতি কৰাত কৃষক সকলে ভীষণ সমস্যাত পৰিছে। উপায়ন্তৰ হৈ কৃষকসকলে অসময়ত ধান কাটিবলৈ বাধ্য হৈ পৰিছে। পকাধান সমূহ সমুলি নষ্ট হলে অনাগত দিনত কৃষক সকলৰ পৰিয়াল সমূহ অনাহাৰে থাকিবলগীয়া পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব বুলি কৃষক সকলে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

এই ক্ষেত্ৰত উত্তৰ শালমাৰা মহকুমাৰ কৃষি বিভাগে সম্পূৰ্ণ নীৰৱতা অৱলম্বন কৰা বুলি অভিযোগ তুলিছে কৃষক সকলে। কৃষক সকলৰ দুৰ্দশাৰ সন্দৰ্ভত কৃষি বিভাগক অৱগত কৰাৰ পাছতো এই পৰ্যন্ত কৃষি বিভাগৰ কোনো বিষয়া-কৰ্মচাৰী বিশেষ কৈ গ্ৰামসেৱক দুৰ্ভগীয়া কৃষকসকলৰ খবৰ লবলৈ আহৰি পোৱা নাই৷ যাৰ ফলত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। ক্ষতিগ্ৰস্থ কৃষকসকলক ক্ষতিপূৰণ দিয়া আৰু ধাননি পথাৰ সমূহ পোকৰ আক্ৰমণৰ পৰা মুক্ত কৰিবলৈ তথা ঔষধৰ ব্যৱস্থা কৰিবলৈ উপাযুক্ত-কৃষি বিভাগৰ ওচৰত দাবী উত্থাপন কৰে কৃষকে।

স্মৰ্তব্য যে, উজনি-নামনিৰ হাজাৰ হাজাৰ কৃষকৰ খেতি পথাৰ কেইবাটাও বানে ধুই নিয়ে৷ কঠিয়া, নকৈ ৰোৱা ভূঁই বানৰ পানীয়ে নষ্ট কৰাত মূৰে কপালে হাত দিব লগা হৈছিল কৃষকে৷ বানৰ পানী শুকুওৱাৰ পাছত পুনৰ কঠিয়া পাৰি পথাৰ চহাই খেতিয়কসকলে অতি কষ্টৰে ভূূঁই ৰুইছিল যদিও এতিয়া গেঁৰ ধৰা ধানৰ পথাৰত পুনৰ কৃষকক মাধমাৰ শোধাইছে পোকে৷ ৰাজ্যৰ বিভিন্ন ঠাইত শুৰ পোকে খেতি পথাৰ নষ্ট কৰাৰ লগতে তেজপুৰ, শিৱসাগৰ শেহতীয়াকৈ বঙাইগাঁৱত কৃষি পথাৰ নষ্ট কৰিবলৈ আৰম্ভ কৰিছে৷ ধানখেতিত চৰহা পোক নামৰ কাঁইটীয়া গুৱৰুৱা জাতীয় মাৰাত্মক কীটৰ উপদ্ৰৱৰ ফলত ৰাজ্যখনত বছৰ বছৰ ধৰি কৃষিৰ উৎপাদন কমি আহিছে৷

চৰহা পোকে সাধাৰণতে কঠিয়া নতুবা কোমল ধানৰ পাতত আক্ৰমণ কৰে যদিও এইবেলি গেঁৰ ধৰা ধানত শোৰপোকে ধৰাত খেতিয়কৰ মাজত হাহাকাৰ লাগে৷ ধানৰ চোপৰ সেউজীয়া অংশ খাই নষ্ট কৰাৰ ফলত ধানৰ পাতবোৰ হালধীয়া হ’ব ধৰে৷ পোকে জন্ম দিয়া পলুবোৰে পাতৰ ভিতৰতেই ডাঙৰ হৈ বিঘাই বিঘাই কৃষিভূমি নষ্ট কৰে যদিও কৃষকে গমকে নাপায়৷ যি সমূহ পথাৰত চৰহা পোকে বাৰে বাৰে আক্ৰমণ কৰে তেনে পথাৰৰ পূৰ্বৰ নৰাবোৰ পুৰি পেলাব লাগে বুলি কৃষি বিশেষজ্ঞ সকলে পৰামৰ্শ আগবঢ়ায়৷

নৰাৰ মূঢ়াবোৰত শতিকালৈ বাস কৰে পোকসমূহে৷ শালিখেতিৰ পাচত আহু খেতি কৰিলে বিশেষভাৱে আক্ৰান্ত অঞ্চলৰ নৰাবিলাক পুৰি পেলােৱাৰ প্ৰয়োজন জানিব পৰা যায়৷ পথাৰত অসময়ত গজ ধান চোপবোৰ উঘালি পেলোৱাৰ লগতে মুঢ়াৰ পৰা গজা পুলিসমূহো নষ্ট কৰিব লাগে বুলি কৃষি বিশেষজ্ঞসকলে কোৱাৰ লগতে বহাগ বিহুৰ পাছত খেতিৰ মাটি চহাব লাগে বুলি পৰামৰ্শ দিয়ে৷ ইয়াৰ ফলত চৰহা পোকৰ খাদ্যৰ অভাব হৈ বংশ বৃদ্ধি কৰিব নোৱাৰে৷ চৰহা পোক সমূহে বছৰত ধান নথকা সময়ছোৱাত দলনি আৰু পিতনিত থকা দল, উৰিদল, বাহঁপতীয়া আদি ঘাঁহবিলাকত বংশ বৃদ্ধি কৰে৷

এনে ধৰণৰ ঘাঁহবিলাক ৰ্মাচ মাহৰ ভিতৰত নষ্ট কৰিবলৈ খেতিয়কসকলক কৃষি বিশেষজ্ঞসকলে পৰামৰ্শ আগবঢ়ায়৷ আনহাতে কঠিয়া ৰোৱাৰ পাছত খেতিয়কসকলে খেতিপথাৰলৈ গৈ নজৰ ৰাখিব লাগে৷ কিয়নো পোকে ভিতৰি ভিতৰি খেতি পথাৰ নষ্ট কৰে যদিও বহু কৃষকে গমেই নাপায়৷ পোকে আক্ৰমণ কৰাৰ লগে লগে কৃষক অৱগত হলে কীটনাশক ছটিয়ালে খেতি বচাৰ উপক্ৰম হয়৷

সময়মতে কীটনাশক যোগান নধৰাৰ লগতে কৃষি বিশেষজ্ঞ খেতি পথাৰলৈ গৈ পৰামৰ্শ নিদিয়াৰ ফলতে কৃষকে গম নোপোৱাকৈয়ে এফালৰ পৰাই পোকে তহিলং কৰি গৈছে খেতি পথাৰ৷ খেতি ডৰাক ভৰষা কৰিয়ে পৰিয়াল চলাই ৰাজ্যৰ কৃষকসকলে৷ পৰিয়ালৰ সকলো সদস্যৰে বেমাৰ-আজাৰ, ল’ৰা-ছোৱালীৰ কিতাপ-পত্ৰ, কিতাপ-বহী সকলো কৃষিৰ উৎপাদনে পৰা খৰছ কৰে কৃষকসকলে৷