
মোৰাঝাৰঃ অহা ৩০ আৰু ৩১ অক্টোবৰত মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত হোজাই জিলাৰ বিহুতলী খেল পথাৰত ট্ৰেক্টৰ মেলাৰ অনুষ্ঠিত হ’ব। কৃষি বিভাগৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া ট্ৰেক্টৰ মেলা বিভিন্ন ট্ৰেক্টৰৰ কোম্পানীয়ে তেওলোকৰ ট্ৰেক্টৰ প্ৰদৰ্শন কৰাৰ লগতে কৃষি সজুলিও প্ৰদৰ্শন কৰিব৷
হোজাই জিলাৰ ৰাজহ গাঁৱৰ মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ হিতাধিকাৰী সকলক হোজাই জিলা উপায়ুক্তৰ অধ্যক্ষতাত বিশেষ সমিতিয়ে বাছনি কৰিব বুলি হোজাই জিলা কৃষি বিষয়া নিতাই চন্দ্ৰ দাসে জানিবলৈ দিয়ে। জানিব পৰা মতে, হোজাই জিলাৰ যমুনামুখ, হোজাই আৰু লামডিং বিধান সভা সমষ্টিত সৰ্বমুঠ ৩৭৩খন ৰাজহ গাঁও আছে।
এই গাঁও সমূহৰ পৰা ৰেহাই মূল্যৰ ট্রেক্টৰৰ বাবে মুঠ ৫৩২ খন আবেদন জিলা কৃষি বিভাগে লাভ কৰিছে। জিলাখনৰ ২০৪খন ৰাজহ গাঁওৰ পৰা ৰেহাই মূল্যত ট্রেক্টৰৰ বাবে এখনকৈ আবেদন পত্ৰ লাভ কৰাৰ বিপৰীতে জিলা খনৰ ৩৮খন ৰাজহ গাঁৱৰ পৰা এখনো আবেদন পত্ৰ বিভাগে লাভ নকৰিলে।
জিলাখনৰ যমুনামুখ সমষ্টিৰ পৰা ৫৩খন, হোজাই সমষ্টিৰ পৰা ৭৭খন আৰু লামডিং সমষ্টিৰ পৰা ৭৪খন ৰাজহ গাঁৱৰ পৰা ৰেহাই মূল্যৰ ট্রেক্টৰৰ বাবে এখনকৈ আবেদন পত্ৰ লাভ কৰে কৃষি বিভাগে৷ যমুনামুখ সমষ্টিৰ ৬, হোজাইৰ ২৫ আৰু লামডিং বিধান সভা সমষ্টিৰ ৭ খন ৰাজহ গাঁৱে কোনো আবেদন নজনালে।
যমুনামুখ সমষ্টিৰ পতিয়া পথাৰ, দীঘলজাৰ, দুই নং শিৱপুৰ, পবিজুৰি, কপাহবাৰী আৰু ৪৮ নং ব্লক নামৰ ৰাজহ গাঁও, হোজাই সমষ্টিৰ আমলী পুখুৰী, পশ্চিম ভালুকমাৰী, লংকা টাউন, লংকা গাঁও, পাঞ্চালী, পদ্মপুখুৰী আদিৰ ২৫ খন ৰাজহ গাঁৱৰ লগতে লামডিং বিধান সভা সমষ্টিৰ দক্ষিণ লামডিং, হাতীখালি গাঁও, লামডিং টাউন, তাৰালাংছো তিনি হাজাৰ বিঘা, মাজ ডিমৰো আদিৰ সাতখন ৰাজহ গাঁৱে ৰেহাই মূল্যৰ ট্রেক্টৰৰ বাবে আবেদন নকৰাৰ বিপৰীতে জিলা খনৰ ১৩৫ খন ৰাজহ গাঁৱৰ পৰা একাধিক আবেদন জিলা কৃষি বিভাগে লাভ কৰিছে।