তলা খুলিলে মাউদ চাহ বাগিচাৰ

চাবুৱাঃ ডিব্ৰুগড় জিলাৰ চাবুৱা মাউদ চাহ বাগিচাত যোৱা কেইবাদিন ধৰি বাগিচা কৰ্তৃপক্ষই তলা বন্ধ কৰি থৈছিল যদিও অৱশেষত তলা খুলিবলৈ বাধ্য হয়।

শ্ৰমিকসকলে ১৭ অক্টোবৰত বাগিচাখনত স্থায়ী চিকিৎসক নিযুক্তি দিয়া, প্ৰতিমাহে বিদ্যুতৰ নামত ৪০০ টকাকৈ অন্যায়ভাৱে শ্ৰমিকৰ পৰা বিল লোৱা, বাগিচাখনৰ শ্ৰমিকসকলৰ ঘৰত লেট্ৰিনৰ সুবিধা নথকা, শ্ৰমিকসকলৰ জৰাজীৰ্ণ ঘৰসমূহ মেৰামতি কৰা, শ্ৰমিকসকলক মজুৰি বৃদ্ধি কৰাকে আদি কৰি বহুকেইটা বিষয়ৰ ওপৰত চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত শ-শ শ্ৰমিকে প্ৰতিবাদ সাব্যস্ত কৰিছিল বাগিচাৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে৷

বাগিচা খনত কৰ্মৰত শ্ৰমিকসকলে বিভিন্ন সা-সুবিধা নোপোৱাত ক্ষোভিত হৈ মালিকৰ পৰা সা-সুবিধা বিচাৰি বাগিচা কৰ্তৃপক্ষক আবেদন কৰাৰ পিছতো গুৰুত্ব আৰোপ নকৰাত শ্ৰমিকসকলে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছিল ৷

প্ৰতিবাদস্থলিত চাবুৱা ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত বাগান কৰ্তৃপক্ষই সংগঠনকেইটাৰ লগত ২৪ অক্টোবৰত আলোচনা কৰাৰ লগতে ১৯ অক্টোবৰত দৰমহা দিয়াৰ লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। প্ৰতিশ্ৰুতিক অসাৰ প্ৰতিপন্ন কৰি বাগিছা কৰ্তৃপক্ষই চাবুৱা বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা চাহ মজদুৰ সংঘৰ পানীতোলা শাখাৰ সম্পাদক ৰাজু চাহুৱে বাগিচাৰ মালিক পক্ষৰ হৈ শ্ৰমিকসকলৰ মাজত ওকালতি কৰিবলৈ যোৱাত কেইদিনমানৰ আগতে শ্ৰমিক ৰাইজৰ বিভিন্ন প্ৰশ্নৰ মুখামুখি হ’ব লগা হৈছিল।

তাৰ পিছতেই মালিক পক্ষই ডিব্ৰুগড় জিলাৰ সহকাৰী শ্ৰম আয়ুক্ত আৰু বাগান কৰ্তৃপক্ষৰ সৈতে মিতিৰালি কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি ডিব্ৰুগড় জিলাৰ যুটীয়া সম্পাদক বিজয় বাউৰীয়ে। সংগঠনটোৱে আজি এক বিবৃতিৰ জৰিয়তে বাগিচাখনৰ শ্ৰমিকসকলে অতদিনৰ পৰা বাগিচাখনত নানা ধৰণৰ শোষণ নিস্পেষণৰ বলি হৈ আহিছে। কোনো শ্ৰমিকে নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি মাত মাতিলে বিভিন্ন ধৰণৰ ভয় ভাবুকিৰে মানসিক নিৰ্যাতন চলোৱা হয়।