উজনিৰ চাহ-তেল নিয়াৰ বিনিময়ত দিয়ে কি? দুখ লাগে জাগুন চন্দ্ৰপুৰৰ লোকৰ

লিডুঃ এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগা হয় শ-শ গাঁৱৰ লোকে৷ বহু গাঁৱত বাট-পথ বুলিবলৈ চিন-মোকাম নাই৷ এজাক বৰষুণে বোকা পানীয়ে পথাৰৰ সৈতে একাকাৰ কৰে বাট-পথ৷ তেওলোকৰ বাট-পথ সমূহ নিৰ্বাচনৰ সময়ত হে অধিক গুৰুত্ব লাভ কৰে৷ কিয়নো নিৰ্বাচনৰ সময়ত ৰজা হ’বৰ বাবে ৰাইজৰ ভৰিত ধৰি ভোট আদায় কৰিবলৈ বিলাসী গাড়ী লৈ আহে একাংশ লোকে৷

সেই সময়তহে যেন গুৰুত্ব বাঢ়ে শ-শ গাঁৱৰ লোকৰ৷ শিক্ষা স্বাস্থ্য সকলোকে পিছ পৰি ৰৈছে গাঁও সমূহৰ লোকসকল৷ উজনিৰ তিনিচুকীয়া জিলাকে ধৰি ডিব্ৰুগড়, শিৱসাগৰ আদি জিলাৰ বহু গাঁও আজিও পিছ পৰি ৰৈছে৷ জীৱন ধাৰণৰ বাবে ন্যুনতম সুবিধাৰ বাবে হাহাকাৰ কৰিব লগা হয়৷ বহু গাঁৱৰ প্ৰতিচ্ছবি খন দেখিলে এনে লাগে যেন গাঁও বোৰক সংৰক্ষণ কৰিবৰ বাবেহে ৰখা হৈছে৷ বিশেষকৈ চাহ বাগিচাত শ্ৰমিক হিচাপে কাম কৰা লোকসকলৰ গাঁও সমূহ দেখিলে একৈশ শতিকাৰ গাঁও বুলি কব নোৱাৰি৷

যেন তাহানীৰ গাঁও সমূহ সংৰক্ষণ কৰিছে চৰকাৰে৷ আজিও ভঙা-ছিঙা ঘৰত বসবাস কৰিবলগীয়া হৈছে বহু লোকে৷ থলুৱা অসমীয়াৰ এই ছবি খনে মৰ্মাহত নকৰে ৰাজনীতি কৰাসকলক৷ একে কেইজন মানুহে ৰাজ্য খন শাসন কৰি আহিছে৷ কেতিয়াবা ইটো দলত থাকি কেতিয়াবা সিটো দলত থাকি একেই কেইজনে মানুহে বছৰ বছৰ ধৰি শাসন কৰাৰ পিছতো গাঁও সমূহৰ উন্নয়ণতকৈ তেওলোকৰ ব্যক্তিগত উন্নয়ণত হে গুৰুত্ব প্ৰদান কৰা দেখা যায়৷

কিদৰে মন্ত্ৰী-বিধায়ক হৈ থাকিব পাৰি তাক লৈ হে ব্যস্ত হৈ পৰে উজনিৰ ৰাজনীতিত সক্ৰিয় হৈ থকা লোকসকল৷ তাৰ মাজতে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অতি পিছপৰা জাগুন চন্দ্ৰপুৰ গাঁৱৰ দুখ লগা প্ৰতিচ্ছবিয়ে চিন্তিত কৰি তুলিছে লোকসকলক৷ এক অন্ধকাৰ ভৱিষ্যতৰ দিশে আগবঢ়া চন্দ্ৰপুৰ গাঁৱৰ লোকসকলে হাতৰ ধন খৰছ কৰি বাহৰ দলং নিৰ্মাণ কৰি আহ-যাহ কৰিব লগা হয়৷ বিদ্যালয়ৰ গৃহ শিক্ষকে হাতৰ টকা খৰছ কৰি বাহেৰে নিৰ্মাণ কৰি ছাত্ৰী-ছাত্ৰীক পাঠদান কৰি লগা হৈছে৷ কেৱল ইমানে নহয় এজাক বৰষুণতে পথ পথাৰ একাকাৰ হৈ পৰে গাঁও খনত৷

একপ্ৰকাৰ ঘৰৰ পৰা ওলাব নোৱাৰা হয় লোকসকল৷ গাঁও খনত নাই পানী যোগান আঁচনি৷ বছৰ বছৰ ধৰি এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে ককবকাব লগা লোকসকলে৷ তেওলোকৰ সন্তান সকল বিভিন্ন ৰোগত আক্ৰান্ত হ’বলগীয়া হয়৷ শিক্ষা, স্বাস্থ্য, খোৱাপানী আদিকে ধৰি কোনো ক্ষেত্ৰ উন্নয়ণে ঢুকি পোৱা নাই চন্দ্ৰপুৰ গাঁৱক৷ গাঁও খনৰ একাংশ লোকে আমাৰ দুখ লাগে বুলি কয় নিজৰ পৰিস্থিতিৰ কথা ভাবিলে৷ বৰ বেয়া পৰিস্থতিত জীয়াই আছো আমি বুলিও কয় ৰাইজে৷ স্বাধীনতাৰ ৭০ বছৰৰ পিছতো সাৰুৱা তেল চাহপাতেৰে চহকী উজনিৰ একাংশ গাঁৱৰ এনে পৰিস্থিতি এতিয়া চিন্তাৰ কাৰণ হৈ পৰিছে৷

উজনিত কেন্দ্ৰ ৰাজ্য চৰকাৰৰ ৰাজ সাহাৰ্যৰ ভড়াল থকাৰ পিছতো আজিও বহু গাঁৱত জীয়াই থকাৰ ন্যুনতম সুবিধাৰ বাবে ককবকাব লগা হয় ৰাইজে৷ উজনিৰ প্ৰাকৃতিক সম্পদে দেশক চহকী কৰাত সহায় কৰাৰ সময়তে আজিও উজনিৰ শ শ গাঁৱত বিদ্যুতৰ সুবিধা নথকাৰ লগতে, বিশুদ্ধ খোৱাপানী, স্বাস্থ্য, শিক্ষা, অনাময় আদিকে ধৰি সকলো দিশত পিছ পৰি ৰৈছে৷ দিল্লী-দিছপুৰে উজনিৰ প্ৰাকৃতিক সম্পদক গুৰুত্ব দিয়ে যদিও অনুন্নত গাঁও সমূহৰ উন্নয়ণত কেতিয়াও গুৰুত্ব আৰোপ নকৰে৷

উজনিৰ তেল, চাহপাত চৰকাৰে হোৰা হোৰে নিয়ে যদিও তাৰ বিনিময়ত জীৱনৰ ধাৰণৰ সাধাৰণ সহায় নোপোৱাৰ দুৰ্বিষহ জীৱন অতিবাহিত কৰিছে ৰাইজে৷ পৰিৱৰ্তন মানে কি নজনা চন্দ্ৰপুৰ গাঁৱৰ দৰে অলেখ গাঁৱক চৰকাৰে গুৰুত্ব দিয়া উচিত৷ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ভোটৰ স্বাৰ্থত স্থানীয় নেতা-পালিনেতাই নানান প্ৰতিশ্ৰুতি প্ৰদান কৰে যদিও সকলো ফুটুকাৰ ফেনত পৰিনত হয়।