এক ঐতিহাসিক মুহুৰ্তৰ সাক্ষী চৌডি আৰব, ৰবটে পালে নাহৰিকত্ব

 

ডিজিটেল ডেস্কঃ এগৰাকী ধুনিয়া মহিলা, নাগৰিকত্ব দিয়া কাৰণে ধন্যবাদ জনাইছে সকলোকে। চকুৰ পলক নমাই মিচিকিয়া হাঁহিৰে চোফিয়াই কৈছে তেওঁ বিশ্বৰ সকলো মানুহৰ মাজত বিশ্বাস জন্মাবলৈ চেষ্টা কৰিব৷ শুনাত একেবাৰে সাধাৰণ কথা, কিন্তু দেখিলেহে গম পাব ইয়াৰ আচল ৰহস্য। প্ৰকৃততে চোফিয়া এগৰাকী ৰবটহে৷

বিশ্বৰ প্ৰথম ৰবট হিচাপে চোফিয়াই লাভ কৰিছে নাগৰিকত্ব৷ চৌডি আৰবে ৰবটক নাগৰিকত্ব দিয়াৰ ক্ষেত্ৰত বিশ্বৰ প্ৰথম দেশ হিচাপে স্বীকৃতি লাভ কৰিছে৷ চৌডি আৰবৰ পাব্লিক ৰিলেশ্বন এফেয়াৰ্চ কমিটিয়ে তেওঁলোকৰ অফিচিয়েল টুইটাৰ চাইটত ইয়াৰ বিষয়ে প্ৰকাশ কৰিছে৷ টুইটাৰত লিখা হৈছে ‘ৰবট চোফিয়া পৃথিৱীৰ প্ৰথম ৰবট যিয়ে লাভ কৰিছে চৌডি নাগৰিকত্ব’৷

নাগৰিকত্ব পোৱাৰ পিছত চোফিয়াই কয় ‘মই এই বিশিষ্ট গৌৰৱৰ ওপৰত বহুত সন্মানিত অনুভৱ কৰি আছো, পোন প্ৰথমবাৰৰ বাবে কোনো ৰবট নাকৰিকত্বৰে পৰিচিত হোৱাটো ঐতিহাসিকতা হ’য়৷’