পাহাৰীয়া জিলাৰ হাংজাংলাংছ'ত বিনামূলীয়া চকু চিকিৎসা শিবিৰ

বোকাজানঃ কাৰ্বি আংলঙৰ স্বেচ্ছাসেৱী অনুষ্ঠান জনকল্যাণ য়ুথ ছ'চাইটিৰ উদ্যোগত দেওবাৰে হাংজাংলাংছ' ক্ৰীড়া সন্থাৰ আৱাসিক এলেকাৰ চৌহদত বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হৈ যায়৷ যোৰহাট লায়ঞ্চ ক্লাবৰ চিকিৎসকসহ সাতজনীয়া এটি চিকিৎসক-চিকিৎসা কৰ্মীৰ দলে চিকিৎসা সেৱা আগবঢ়ায়৷

ডাঃ বিকাশ সাহা, যোৰহাট লায়ঞ্চ ক্লাবৰ সমন্বয়ক অমৰজ্যোতি বৰঠাকুৰে চকু চিকিৎসা শিবিৰত প্ৰায় ৩৫০ গৰাকী লোকে চিকিৎসা কৰে যদিও ৭০গৰাকী লোকৰ চকুত ছানি পৰা ৰোগী ধৰা পৰা বুলি কায়৷ ৭০গৰাকী লোকক যোৰহাট লায়ঞ্চ ক্লাবে সম্পূৰ্ণ বিনামূলীয়াকৈ কেটেৰেক্টৰ অস্ত্ৰোপচাৰ কৰি চিকিৎসা সেৱাৰ দ্বায়িত্ব গ্ৰহণ কৰে৷

লায়ঞ্চ ক্লাবে লৈ অহা বাছত এইসকল ৰোগীক দেওবাৰে যোৰহাটলৈ লৈ যোৱাৰ লগতে কেটেৰেক্টৰ অস্ত্ৰোপচাৰৰ পাছত ৰোগীসকলক বিনামূলীয়া চশমা, প্ৰয়োজন সাপেক্ষে  পাঁচ হাজাৰ টকাৰ পৰ্যন্ত লেন্স প্ৰদান কৰি পুনৰ ঘৰত থৈ যোৱাৰ দ্বায়িত্ব গ্ৰহণ কৰে৷ যোৰহাট লায়ঞ্চ ক্লাবৰ চিকিৎসালয়ত থকাৰ সময়ত এইসকল ৰোগীৰ সম্পূৰ্ণ বিনামূলীয়াকৈ থকা-খোৱাৰ ব্যৱস্থা কৰিছে যোৰহাট লায়ঞ্চ ক্লাবে৷

বিগত ১৯৯৭ চনৰ পৰা বৰ্তমানলৈকে যোৰহাট লায়ঞ্চ ক্লাবে বিনামূলীয়াকৈ ৩০,০০০ ৰোগীক কেটেৰেক্টৰ অস্ত্ৰোপ্ৰচাৰ কৰি চিকিৎসা প্ৰদান কৰাৰ লগতে বিগত বৰ্ষত ৪,৫০০ ৰোগীৰ এই অস্ত্ৰোপচাৰ কৰে বুলি সমন্বয়ক অমৰজ্যোতি বৰঠাকুৰে জানিবলৈ দিয়ে৷

প্ৰতি দেওবাৰে অসমৰ বিভিন্ন প্ৰান্তত যোৰহাট লায়ঞ্চ ক্লাবে বিনামূলীয়া চকু চিকিৎসা শিবিৰ সম্পন্ন কৰে বুল কয় অমৰজ্যোতি বৰঠাকুৰে৷ চকু চিকিৎসা শিবিৰটো সফলভাবে সম্পন্ন হৈ যোৱাত জনকল্যাণ য়ুথ ছ'চাইটিৰ সভাপতি সম্পাদক ৰিংকু নন্দী আৰু নৰেন শইকীয়াই সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰে৷