
কোকৰাঝাৰঃ এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰল কোকৰাঝাৰ৷ দেওবাৰে একত্ৰিত হ’ল ধৰি দুই মেৰুত অৱস্থান গ্ৰহণ কৰা আক্ৰাছুৰ দুই গোট৷ অৱশেষত একত্ৰিত হ'ল আক্ৰাছুৰ দুয়োটো গোট। বঙাইগাঁও অধিবেশনৰ পিছতে আক্ৰাছু দুটা গোটত বিভাজিত হৈছিল যদিও অৱশেষত আক্ৰাছু একত্ৰিতকৰণ আহ্বায়ক সমিতিৰ বহুদিনীয়া নেৰানেপেৰা প্ৰচেষ্টাৰ ফলস্বৰূপে দেওবাৰে আক্ৰাছু দুয়োটা গোটৰ যৌথ সভাত গৃহীত হোৱা প্ৰস্তাৱ মৰ্মে আক্ৰাছু'ৰ দুয়োটা গোট একত্ৰিত হোৱাত কোচ ৰাজবংশী জনতা উল্লাস প্ৰকাশ কৰে৷
কোকৰাঝাৰ চহৰৰ সমীপৰ শক্তিআশ্ৰম উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হোৱা আক্ৰাছুৰ এক সভাত দুয়োটা গোটে একত্ৰিকৰণ হৈ জাতীয় স্বাৰ্থত ঐক্যবদ্ধভাৱে কাম কৰা হ’ব বুলি ঘোষণা কৰে। একত্ৰিকৰণ হোৱাৰ পিছতে আক্ৰাছুৱে কোচ ৰাজবংশী জনগোষ্ঠীটোৰ সাংবিধানিক অধিকাৰ জনজাতিকৰন আৰু কমতাপুৰ ৰাজ্য গঠনৰ বাবে আন্দোলন তীব্ৰতৰ কৰা হ’ব বুলি হুংকাৰ দিয়ে ৷
দুয়োটা গোট একত্ৰিকৰন হোৱাৰ পিছতে সাংবাদিকৰ আগত আক্ৰাছুৰ দুয়োটা গোটৰ সভাপতি হিতেশ্বৰ বৰ্মনে আৰু প্ৰদীপ ৰায়ে ভূমিপুত্ৰ কোচ ৰাজবংশী সকলক অসম চৰকাৰ আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুতকৰণৰ কৰ্তৃত্বশীল ব্যক্তি সকলে প্ৰকান্তৰে বিদেশী সজাব বিচাৰিছে৷ নেতাদ্বয়ে ভূমিপুত্ৰ কোচ ৰাজবংশী সকলক ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ক্ষেত্ৰত প্ৰকৃত বাসিন্দা (OI) বুলি চিহ্নিত নকৰি প্ৰকৃতাৰ্থতে কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰনৰ দাবীক নসাৎ কৰিব বিচাৰিছে বুলি মন্তব্য কৰে৷
আনহাতে চলিত সপ্তাহতে আক্ৰাছুৰ দুয়োটা গোটে যৌথভাৱে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ ৰাজ্যিক সমন্বয়ক প্ৰদীপ হাজেলাক সাক্ষাৎ কৰি ভূমিপুত্ৰ কোচ-ৰাজবংশীসকলক প্ৰকৃত বাসিন্দাৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাই এখন স্মাৰক পত্ৰ প্ৰদান কৰিব বুলি নেতাদ্বয়ে জানিবলৈ দিয়ে ৷ ইয়াৰ পিছতো যদি কোচ ৰাজবংশী সকলৰ ক্ষেত্ৰত অ’ আই চিহ্নিত নকৰে তেন্তে একত্ৰিকৰন হোৱা আক্ৰাছুৰ দুয়োটা গোটে অসম চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি সভাত সিদ্ধান্ত গ্ৰহন কৰা হয়৷
সভাত আক্ৰাছুৰ একত্ৰিকৰন সমিতিৰ মুখ্য আহবায়ক তৰুনীকান্ত ৰায়, আক্ৰাছুৰ দুয়োটা গোটৰ সভাপতি ক্ৰমে প্ৰদীপ ৰায়, হিতেশ্বৰ বৰ্মন, আক্ৰাছুৰ প্ৰদীপ গোটৰ সম্পাদক গোকুল বৰ্মন, আক্ৰাছুৰ দুয়োটা মহিলা গোটৰ সভানেত্ৰী ক্ৰমে মালতী ৰানী ৰায় আৰু পূৰবী সৰকাৰ, কোচ ৰাজবংশী মহিলা সমিতিৰ সাধাৰন সম্পাদিকা অনিমা ৰায়কে দুয়োটা গোটৰ কেন্দ্ৰীয়, জিলা আৰু আঞ্চলিকৰ বহু নেতা, সদস্যৰ উপৰিও কোচ ৰাজবংশী জনগোষ্ঠীৰ কেইবা শতাধিক ৰাইজে অংশগ্ৰহন কৰে৷ ইপিনে আক্ৰাছুৰ সভাপতি হিতেশ্বৰ বৰ্মনে চৰকাৰৰ ভেকেভাওনা, মিথ্যচাৰক কঠোৰ ভাষাৰে গৰিহনা দি এইবাৰ চৰকাৰে কোচ ৰাজবংশীৰ শক্তি দেখা পাব বুলি মন্তব্য কৰিছে।
তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰ, গৃহমন্ত্ৰী, গৃহ মন্ত্ৰনালয়ৰ সতে জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত কেবাবাৰো আলোচনা হ'ল যদিও সকলো ভেকেভাওনা আৰু মিথ্যাচাৰত হে পৰিণত হৈছে। প্ৰকৃততে চৰকাৰে কোচ ৰাজবংশীৰ শক্তিক উলাই কৰি বাৰে বাৰে মিথ্যাচাৰ এক নাটক কৰি আহিছে। সেয়েহে ৰাইজৰ প্ৰৱল দাবীত আক্ৰাছু একত্ৰিত হৈছে আৰু চৰকাৰৰ বিৰুদ্ধে কেনেদৰে শক্তি প্ৰদৰ্শন কৰিব লাগে সেয়া খুব কম সময়ৰ ভিতৰতে দেখুৱাই দিয়া হ’ব।
কোচ ৰাজবংশী জনতাক আৰু এতিয়া কোনো শক্তিয়ে প্ৰতিৰোধ কৰিব নোৱাৰে আৰু অনাগত সময়ছোৱাত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি সদৰি কৰিছে আক্ৰাছুৰ সভাপতি হিতেশ্বৰ বৰ্মনে। উল্লেখ্য যে অহা ডিচেম্বৰৰ প্ৰথম সপ্তাহতে কোকৰাঝাৰত আক্ৰাছুৰ কেন্দ্ৰীয় অধিবেশনৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে। অধিবেশনৰ পূৰ্বেই কোচ ৰাজবংশী ৰাইজৰ দাবীৰ প্ৰতি সন্মান জনাই আক্ৰাছুৰ দুয়োটা গোট একত্ৰিতকৰণ হোৱাটো ধনাত্মক দিশ বুলিয়েই বিবেচিত হৈছে। একত্ৰিকৰণৰ পিছতে বৃহৎ শক্তিত পৰিণত হোৱা আক্ৰাছুয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণত কোচ ৰাজবংশী জনগোষ্ঠীক "নিগাজী বাসিন্দা" হিচাপে চিহ্নিত নকৰাক লৈ আন্দোলনৰ হুংকাৰ দিয়া কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে।