চৰাইদেউত থলুৱাৰ বিশাল গণ সমাবেশ, অস্তীত্ব ৰক্ষাৰ যুজ দি যাব আলফাই

চৰাইদেউঃ চিলাপথাৰ-নগাঁও কাণ্ডৰ পিছত জাগিছে ৰাজ্যৰ সাধাৰণ অসমীয়া৷ চিলাপথাৰ কাণ্ডৰ ছেকেণ্ড পাৰ্ট নগাঁও কাণ্ডত অসমীয়া যুৱকক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল অনা-অসমীয়াই৷ নগাঁও কাণ্ডৰ অসমীয়া যুৱকক মাৰ-ধৰ কৰা ভয়াবহ দৃশ্য প্ৰত্যক্ষ কৰি তেজ গৰম হৈছিল থলুৱাৰ৷ ৰাজ্যৰ জাতীয় দল-সংগঠনৰ লগতে প্ৰাক্তন আলফাৰ নেতা-কৰ্মী ক্ষোভিত হৈ ৰাজ পথলৈ ওলাই আহিছিল৷

যাৰ বাবে উত্তাল হৈ পৰিছিল ৰাজ্য৷ সেই সময়ত অসমীয়াই অসমীয়াৰ অস্তীত্ব ৰক্ষাৰ যুজ দি যোৱাৰ বাবে সংগ্ৰাম কৰি যোৱাৰ পন লৈছিল৷ অসমীয়াই অব্যাহত ৰাখিছে সেই যুজখন৷ উজনি-নামনিত অসমীয়াৰ আধিপত্য সদায় থাকিব লাগিব বুলি থিৰাং কৰি উজনি-নামিনত সভা-সমিতি কৰি ঘুৰা-ফুৰা কৰি থকা একাংশ লোকে চৰাইদেউত দেওবাৰে একত্ৰিত হ’ল৷

চৰাইদেউ জিলাৰ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ যৌথ উদ্যোগত আৰু বৃহত্তৰ বৰহাটবাসী ৰাইজৰ সহযোগত বৰহাটত খিলঞ্জীয়া অসমীয়াৰ অস্তীত্ব ৰক্ষাৰ স্বাৰ্থত বিশাল গণ সমাৱেশ আজি অনুষ্ঠিত হয়। চৰাইদেউ জিলাৰ বহুকেইটা জাতীয় জনগোষ্ঠীয় সংগঠনৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতে আলফা নেতা জীতেন দত্ত, আলফাৰ সচিব অনুপ চেতিয়াই অংশগ্ৰহণ কৰে। আলফা নেতা সকলে অসমীয়াৰ অস্তীত্ব ৰক্ষাৰ সংগ্ৰাম কৰি যাব বুলি কয়৷

সমাবেশত পতাকা উত্তোলন কৰি একেলগে প্ৰায় ১৫০০ শিল্পীয়ে জাতীয় সংগীত পৰিবেশন কৰে। একাংশ লোকে বিজেপি চৰকাৰ অহাৰ পাছৰে পৰা অনা-অসমীয়াৰ দপদপনি বঢ়া বুলি কৈ অসমীয়াক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰা বুলি কয়৷ হিন্দু বাংলাদেশী সংস্থাপন, এন আৰ চি উন্নীতকৰণ, বৃহৎ নদীবান্ধ নিৰ্মাণ সন্দৰ্ভত সংগঠন সমূহে নিজৰ নিজৰ স্থিতি স্পষ্ট কৰে৷ জাতি-মাটি-ভেটিক সুৰক্ষা দিব বুলি দাবী কৰা দল শাসনৰ গাডীত থকাৰ সময়তে সংঘটিত চিলাপথাৰ কাণ্ড, নগাঁও কাণ্ড সন্দৰ্ভতো আলোচনা হয় সমাবেশত৷