গোৰেশ্বৰৰ বেংকত টকা জমা আছে যদি সাৱধান, উলিয়াই নিব পাৰে টকা

প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

গোৰেশ্বৰঃ বেংকটো সুৰক্ষিত নহয় আপোনাৰ ধন৷ প্ৰতিদিনে দেশত বেংকৰ গ্ৰাহকৰ ধন আনে ট্ৰেন্সাফাৰ কৰি নিয়াৰ বাতৰি প্ৰচাৰ হৈ থকাৰ সময়তে বাক্সা জিলাৰ গোৰেশ্বৰস্থিত অসম গ্ৰামীণ বিকাশ বেংকৰ নাওকাটা শাখাৰ বহু গ্ৰাহকৰ গ্ৰাহকৰ ধন হৰলুকি হোৱাৰ ঘটনা পোহৰলৈ অহাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শাখাটোত গ্ৰাহকৰ পাচবুকত থকা ধন প্ৰায়ে কোনো দুষ্ট চক্ৰই উলিয়াই নি থকা ঘটনা সংঘটিত হৈ থকাত এইবাৰ গ্ৰাহকে বেংকটোৰ লগতে বিষয়াৰ বিৰুদ্ধেও এজাহৰ দাখিল কৰিছে গোৰেশ্বৰ থানাত৷

দুমাহ পূৰ্বে এনে এক ঘটনা সংঘটিত হৈ যোৱাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই পুনৰ যোৱা ২০ অক্টোবৰত বেংকটোৰ গ্ৰাহক গোৰেশ্বৰৰ মহৰিপাৰা নিবাসী প্ৰভাসিনী দেৱনাথ নামৰ বৃদ্ধা গৰাকীৰ পাচবুকৰ পৰা হৰলুকি হৈছে জমা ধন। উল্লেখ্য যে ২০১৫ বৰ্ষতে বৃদ্ধাগৰাকীৰ নামত অহা ইন্দিৰা আবাস যোজনাৰ এটি গৃহ অনুমোদন হৈছিল আৰু তাৰে ধন একাউন্টত সোমাইছিল।

২০ অক্টোবৰত নিৰ্দিষ্ট পৰিমাণৰ ধন জমা নেদেখি বেংক পৰিচালকক এই বিষয়ে বৃদ্ধা গৰাকীয়ে অৱগত কৰে যদিও বেংক বিষয়াগৰাকীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হয়। তথ্য মতে যোৱা ৩০ আগষ্টতে কোনোৱে চেভিংচ একাউন্টৰ পৰা টকাখিনি উলিয়াই নিয়া বুলি বেংকৰ বিষয়াই জানিবলৈ দিয়ে যদিও কেনেকৈ বেংক গ্ৰাহকৰ ধন আন উলিয়াই নিলে সেয়াহে ৰহস্যৰ বিষয় হৈ পৰিছে। ইপিনে বৃদ্ধা গৰাকীৰ হৈ ভতিজাক পৰিতোষ দেৱনাথে গোৰেশ্বৰ থানাত এই বিষয়ে এজাহাৰ দাখিল কৰাৰ পিছত অজ্ঞাত মোবাইল নম্বৰৰ পৰা পৰিতোষক ভাবুকি দিয়া বুলিও অভিযোগ উত্থাপন কৰা হৈছে।

বেংকটোৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপন হৈ থকাৰ পিছতো কোনো বিহিত ব্যৱস্থা নলোৱাত অন্য গ্ৰাহকৰ লগতে স্থানীয় লোকসকল জমা ধনক লৈ শংকিত হৈ পৰিছে। অভিযোগ উত্থাপন কৰা হৈছে যে একাংশ দালাল প্ৰকৃতিৰ লোকৰ টিঘিলঘিলনি বেংকটো বৃদ্ধি পাইছে আৰু বৃদ্ধ পেঞ্চন, ইন্দিৰা আবাস, জবকাৰ্ড আদিৰ ধন বেংক কৰ্মচাৰীৰ সহযোগতে একাংশ দালালে মোকোলাই নি গ্ৰাহকক জুৰুলা কৰি আহিছে বুলি মুকলি অভিযোগ উত্থাপন হৈ আহিছে। বেংক কৰ্তৃপক্ষৰ বিৰুদ্ধে তদন্ত  কৰি বিহিত ব্যৱস্থা ল'বলৈ প্ৰশাসনক দাবী জনাইছে স্থানীয় ৰাইজে।