
নলবাৰীঃ নলবাৰী জিলাৰ বৰভাগ কংগ্ৰেছ সমিতিৰ উদ্যোগত ক্ষুদ্ৰ কুলহাটীত দেওবাৰে কংগ্ৰেছৰ এখন সভা অনুষ্ঠিত হয়৷ হৰেশ্বৰ ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত সাংগঠনিক সভা কংগ্ৰেছ নেত্ৰী স্বপ্না বেজবৰুৱাই আতঁ ধৰে৷ সভাত নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মন, মুখপাত্ৰ দিব্যজ্যোতি হালৈ, জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী পাপৰি মালাকৰ সহ কেইবাজনেও ভাষন আগবঢ়ায়।
সভাত ভাষন প্ৰসংগত কংগ্ৰেছ নেত্ৰী পাপৰি মালাকৰে কংগ্ৰেছ দল দৰিদ্ৰ শ্ৰমিক তথা সৰ্বসাধাৰণ ৰাইজৰ দল বুলি কয়। বিগত কংগ্ৰেছৰ শাসন কালত ৰাইজৰ বাবে বহুত উন্নয়ন হৈছিল। কিন্তু আজি বিজেপিয়ে শাসন পোৱাৰ পিছত সকলো উন্নয়ন স্তব্ধ হোৱাৰ লেখিয়া। যিখিনি কৰিছে সেয়া কংগ্ৰেছে বিগত দিনত আগবঢ়াই যোৱা কাম। সভাত জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মনে দলীয় কৰ্মী সকলক আগন্তুক পঞ্চায়ত নিৰ্বাচনলৈ সাজু হবলৈ আহবান জনায়৷