
জাজৰিঃ থলুৱা ভাষা-সাহিত্য-সংস্কৃতি উত্তৰণৰ বাবে কাম কৰি অহা নগাঁও জিলাৰ অন্যতম অনুষ্ঠান অৰুণোদয় সাহিত্য চ'ৰাৰ ৪ৰ্থ দ্বি-বাৰ্ষিক অধিবেশন দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে নগাঁও জিলা সাহিত্য সভাৰ কমলাদেৱী তোডী স্মৃতি ভৱন প্ৰাংগনত অনুষ্ঠিত হৈ যায়।
সাহিত্য চ'ৰাৰ সভাপতি হৰিদেৱ মহন্তৰ সভাপতিত্বত দিনৰ ১বজাৰ পৰা অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে চ'ৰাৰ সম্পাদক মৃদু পৱন বৰাই। অধিবেশনৰ সৈতে সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ উন্মোচন কৰে বিশিষ্ঠ সাহিত্যিক, এদিনৰ সংবাদ কাকতৰ সম্পাদক ড০ জয়শ্ৰী গোস্বামী মহন্তই৷
বিশিষ্ঠ অতিথি হিচাবে উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ ৰাতুল চন্দ্ৰ বৰা আৰু অধ্যাপক যতীন্দ্ৰ কুমাৰ পাৰৈ। সাহিত্যিক পেঞ্চনাৰ সুশীল বৰা, শিল্পীৰ এক কালীন সাহাৰ্য পোৱা চিত্রদেৱ মহন্ত, সাহিত্যিক পেঞ্চনাৰ ৰিমা বেজবৰুৱাক সম্বৰ্ধনা জনায়।
প্ৰৱন্ধ শিতানত মুৰুলী বৰুৱা, গল্প শিতানত স্মৃতা কলিতা আৰু কবিতা শিতানত মনোজ কুমাৰ শৰ্মাক ২০১৫-১৭ বৰ্ষৰ বঁটা প্ৰদান কৰা হয়৷ আদৰণি বস্ত্র, জাপি, গ্ৰন্থৰ টোপোলা, স্মাৰক আৰু সম্বৰ্ধনা পত্রৰে সম্ভাষন জনাই বঁটা প্ৰদান কৰা হয়। সম্বৰ্ধনা অনুষ্ঠান পৰিচালনা কৰে কবি, সাংবাদিক ৰাহুল দেৱ বৰদলৈ আৰু শলাগৰ শৰাই আগবঢ়ায় সাংবাদিক প্ৰাঞ্জল বৰদলৈয়ে।