
গুৱাহাটীঃ জুই, কলা ধোৱা আৰু মানুহৰ আৰ্তনাদে অসমৰ আকাশ ছানি ধৰিছিল৷ তেজৰ চেকুৰা বৈ গৈছিল অসমৰ ৰাজ পথত৷ মানুহৰ মাংস অ’ত তত ছিটিকি পৰিছিল৷ চৌদিশে কেৱল আৰ্তনাদ শুনা গৈছিল৷ কিছু মুহূৰ্তৰ বাবে সকলোৰে উশাহ-নিশাহ বন্ধ হৈ পৰিছিল৷ চকুৰে দেখিও অসমীয়াই বিশ্বাস কৰিব পৰা নাছিল আপোন মানুহে এদিন এনেদৰে চিৎকাৰ কৰিব লাগিব বুলি৷ সপোন লৈ ঘৰৰ পৰা ওলাই অহা বহু মানুহৰ জীয়া সপোন সিদিনা ৰাজ পথত চিৎকাৰ কৰিব লগা হৈছিল৷
বিস্ফোৰণৰ কলা ধোৱাই তেওঁলোকৰ আত্মাবোৰ আকাশলৈ উৰাই লৈ গৈছিল৷ ৰাজ পথত পৰি ৰৈছিল শৰীৰৰ মাংসৰ টুকুৰা৷ তেওঁলোকৰ সপোন বোৰে তেওঁলোকৰ শৰীৰক বিছাৰি হিয়া ঢাকুৰি কান্দিছিল ৰাজ পথতেই৷ সিদিনা মানৱতা ধ্বংস হৈছিল৷ সিদিনা মানুহে মানুহক ঘৃণা কৰিছিল৷ সিদিনা মানুহে মানুহক বিশ্বাস কৰিব পৰা নাছিল৷ সিদিনা বহু অন্তৰে ফেকুৰি উঠিছিল৷ সভ্য সমাজক সিদিনা ইতিকিং কৰিছিল সময়বোৰে৷
নিষ্ঠুৰ হৈ পৰা সময়বোৰে সভ্য সমাজক উপলুঙা কৰিছিল৷ সিদিনা আছিল বৃহস্পতিবাৰ৷ ২০০৮ চনৰ ৩০ অক্টোবৰ৷ গুৱাহাটী মহানগৰীত হৈছিল শক্তিশালী বোমা বিস্ফোৰণ৷ গণেশগুৰি, পানবজাৰ আদালত চৌহদ, বৰপেটা, বঙাইগাঁও আৰু কোকোৰাঝাৰত সন্ত্ৰাসবাদীয়ে নটাকৈ ভয়াবহ বোমা বিস্ফোৰণ সংঘটিত কৰিছিল৷ সন্ত্ৰাসবাদীৰ বোমাত মুহূৰ্ততে প্ৰাণ গৈছিল বহুলোকৰ৷ ভয়াৱহ বিস্ফোৰণৰ স্মৃতি অসমীয়াই আজিও পাহৰিব পৰা নাই৷ পাহৰিব কেনেকৈ!
যি বিস্ফোৰণে কলংকিত কৰিছিল ইতিহাস৷ বিস্ফোৰণত চিৰকালৰ বাবে হেৰুৱাইছিল আপোনজনক৷ বহু নাৰীৰ কপাল উকা হৈছিল৷ বহু মাতৃৰ বুকু উদং হৈছিল৷ ৩০ অক্টোবৰক অসমীয়াই স্মৃতিৰ পৰা মচি পেলাব নোৱাৰে৷ ৩০ অক্টোবৰ আহিলেই বুকু কঁপি উঠে অসমীয়াৰ৷ বুকু কপি উঠে মহানগৰবাসীৰ৷ ভয়াবহ দিনটোৰ স্মৃতিয়ে শংকিত কৰি তোলে অসমীয়াক৷ সন্ত্ৰাসবাদৰ ভয় লগা ছবি খন মচিব নোৱাৰে অসমীয়াই৷ আপোন মানুহক হেৰুৱাৰ বেদনাত অসমীয়া আজিও ম্ৰিয়মান৷ বৰ্বৰ বোমা বিস্ফোৰণত শ-শ লোক ঘুণীয়া হৈছিল৷
ইমান নিষ্ঠুৰ কাণ্ড অসমত ইয়াৰ পুৰ্বে সংঘটিত হোৱা নাছিল৷ মানুহৰ জীৱন লোৱাৰ খেল কোনেও খেলা নাছিল৷ আপোন মানুহক হেৰুৱাৰ বেদনাত আজিও ছটফটাই থকা লোকসকলে পৃথিৱীক আন্ধাৰ বুলি ভাবিব ধৰিছে৷ ৩০ অক্টোবৰ সন্ত্ৰাসবাদীৰ বোমা-বিস্ফোৰণৰ ঘটনাৰ আঁৰত জড়িত আছিল উগ্ৰপন্থী সংগঠন এন ডিএফ বি৷ এনডিএফবিৰ মুৰব্বী ৰঞ্জন দৈমাৰীৰ বিৰুদ্ধে আদালতত গোচৰ চলি আছে৷ ৰাইজে আশা কৰিছে এই বৰ্বৰ ঘটনাৰ সৈতে জড়িত সকলো লোকেই শাস্তি পাব৷
আজি ৩০ অক্টোবৰ৷ আজিৰ দিনটোতে বোমা বিস্ফোৰণ কাণ্ড সংঘটিত হৈছিল৷ অসমৰ ৰাইজে বিস্ফোৰণত নিহত লোকসকলক শ্ৰদ্ধাঞ্জলি যাচিব৷ ৰাজ্যৰ উজনি-নামনিৰ দল-সংগঠন তথা স্বেচ্ছাসেৱী সংগঠনে বিভিন্ন প্ৰান্তত শ্ৰদ্ধাঞ্জলি যাচিব৷ তেওঁলোকৰ আত্মাৰ সদ্গতি কামনা কৰিব৷ গুৱাহাটী মহানগৰীতো গনেশগুৰি, দীঘলীপুখুৰীপাৰত দল-সংগঠনে চাকি জ্বলাই বিস্ফোৰণত নিহত লোকসকলক শ্ৰদ্ধাঞ্জলি যাচিব৷