
বঢ়মপুৰঃ ৰাজ পথত মহিলাৰ বিৰুদ্ধে মহিলাৰ ৰণচণ্ডী ৰূপ দেখি মুখ মেলি চাই ৰ’ল পুৰুষ আৰক্ষী৷ এজাক মহিলাই ৰণচণ্ডী ৰূপ ধাৰণ কৰি হাতে হাতে লাঠি লৈ এগৰাকী মহিলাৰ দোকান ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে বান্ধি মাৰ-ধৰ কৰি দোকানত অগ্নি সংযোগ কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে নগাঁও জিলাত৷ অবৈধ মদৰ ব্যৱসায় আৰু ছাগলী চুৰিৰ ঘটনাক কেন্দ্ৰ কৰি সোমবাৰে উত্তাল হৈ পৰে নগাঁৱৰ পুৰণিগুদাম৷
সোমবাৰে পুৰণিগুদামৰ কেঞাপট্টীত একাংশ মহিলাই এখন সাধাৰণ দোকান দি পৰিয়াল পোহাপল দি অহা এগৰাকী মহিলাৰ বিৰুদ্ধে অবৈধ মদৰ ব্যৱসায় আৰু ছাগলী চুৰি কৰাৰ অভিযোগ উত্থাপন কৰে৷ মহিলাসকলে হাতে হাতে লাঠিলৈ প্ৰথমে মহিলাগৰাকীৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হয়৷ তৰ্কাতৰ্কিত লিপ্ত হৈ থকাৰ সময়তে দল বান্ধি অহা মহিলাসকলে মহিলাগৰাকীৰ দোকানত আক্ৰমণ কৰে৷
আক্ৰমণ কৰি লণ্ড-ভণ্ড কৰে মহিলাগৰাকীৰ ব্যৱসায় প্ৰতিষ্ঠান। অৰ্ধশতাধিক মহিলাই পুৰণিগুদামৰ কেঞাপট্টীত মদৰ অবৈধ বেহা চলাই থকাৰ লগতে ছাগলী চুৰি কৰাৰ অভিযোগ উত্থাপন আইন হাতত তুলি লৈ তাণ্ডৱ চলাই তকাৰ কিথু সময় পিছতেই আৰক্ষী অৰ্ধ সামৰিক বাহিনীৰ লোক উপস্থিত হয় যদিও মুখ মেলি চাই থাকিব লগা হয়৷
মহিলা সকলে অগ্নি সংযোগ কৰাৰ ফলত ভষ্মীভূত হয় মহিলাগৰাৰ ব্যৱসায় প্ৰতিষ্ঠান খন৷ মহিলাসকলে ছাগলী চুৰিৰ লগতে অবৈধ মদৰ বেহা চলাই অহাৰ অভিযোগ উত্থাপন কৰে। পুৰণিগুদাম আৰক্ষীৰ পহৰা চকীত চুৰি ঘটনাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহন নকৰাত ক্ষোভিত মহিলাই দলে বলে ওলাই আহি দোকানত আক্ৰমণ, অগ্নি সংযোগ কৰিয়েই ক্ষান্ত নাথাকি মহিলাগৰাকীক বান্ধি থোৱাৰ উপৰিও মাৰ-ধৰ কৰে৷
একাংশ মহিলাই আইন হাতত তুলি লৈ এপালৰ পৰা তাণ্ডৱ চলাই থকাৰ পিছতো মুখ মেলি চাই আছিল অসম আৰক্ষী৷ ভূল-শুদ্ধ বিচৰা নকৰাকৈয়ে এগৰাকী অসহায় মহিলাৰ বিৰুদ্ধে এনেদৰে মৰেল আৰক্ষীৰ ভাও লোৱা মহিলাসকলৰ বুৰুদ্ধে গোচৰ ৰুজু কৰি শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় একাংশ লোকে৷